বঙাইগাঁৱৰ পৰা কুমাৰ ৰাহুল দাস, সংবাদ ৩৬৫, ১৪ জুন : নিশাৰ ভিতৰতে অন্তৰ্ধান হ’ল এটা চৰকাৰী কাৰ্যালয়। চৰকাৰী গৃহ এৰি সংগোপনে ভাড়া ঘৰলৈ স্থানান্তৰ সমাজ কল্যান বিভাগৰ সৃজনগ্ৰামৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়। কার্যলায় স্থানান্তৰকলৈ প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় অতি সংগোপনে বিষয়াৰ সুবিধাৰ বাবে পাঁচ শতাধিক কৰ্মী, সহায়িকাক অসুবিধাত পেলাই নীতি- বহিৰ্ভুতভাৱে আন ঠাইলৈ স্থানান্তৰিত কৰা কাৰ্যত জাঙুৰ খাই উঠিছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন৷ উল্লেখ্য যে, আঢ়ৈশ কৰ্মী সমপৰিমাণৰ সহায়িকাক লৈ ২৫০ টা অংগনবাড়ী কেন্দ্ৰৰে গঠিত সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে শিশু, প্ৰসূতি তথা বিশেষভাৱে সক্ষম লোককে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোক উপকৃত হৈ আহিছে। শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়টো স্বাভাৱিকতে সৃজনগ্ৰাম অঞ্চলত স্থাপিত হ’ব লাগে যদিও একাংশ বিষয়াৰ মইমতালি আৰু কুটিল ৰাজনীতিৰ বাবে কাৰ্যালয়টো সৃজনগ্ৰাম অঞ্চলৰ বিপৰীতে অভয়াপুৰী চহৰৰ ভাড়াঘৰত বছৰৰ পাচত বছৰ ধৰি চলাই থকাত সৃজনগ্ৰাম অঞ্চলৰ অংগনবাড়ী কৰ্মী, সহায়িকাই বহু সময়ত বাটকুৰি বাই অভয়াপুৰীলৈ আহি থাকিবলৈ লোৱাত হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈ আহিছে৷ এনে পৰিপ্ৰেক্ষিতত সৃজনগ্ৰাম অঞ্চলৰ ৰাইজ, সংগঠন আদিয়ে কাৰ্যালয়টো অভয়াপুৰীৰ পৰা সৃজনগ্ৰাম অঞ্চললৈ স্থানান্তৰিত কৰাৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰাৰ ফলত ২০১৪ চনত কাৰ্যালয়টো সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ চৌহদত থকা আবাস গৃহত স্থানান্তৰিত কৰা হয় অঞ্চলটোৰ কেন্দ্ৰস্থলত কাৰ্যালয়টোৱে কাম-কাজ আৰম্ভ কৰাৰ পাছতে পাঁচ শতাধিক অংগনবাড়ী কৰ্মী, সহায়িকাৰ মুখত হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হৈছিল যদিও কৰ্মী, সহায়িকাৰ মুখৰ হাঁহি প্ৰকল্প বিষয়া চফিলা বেগমে মুঠেই সহ্য কৰিব পৰা নাছিল৷ সৃজনগ্ৰামৰ উক্ত স্থানত কাৰ্যালয় চলোৱাৰ মুঠেও পক্ষপাতিত্ব নকৰা চফিলা বেগমে সুযোগৰ অপেক্ষাত থকাৰ পাচত সামান্য অজুহাততে কাৰ্যালয়টো নিজৰমতে ব্যৱহাৰ কৰাৰ সুৱৰ্ণ সুযোগ গ্ৰহন কৰা পৰিলক্ষিত হৈছে৷ যাৰ পৰিপেক্ষিতত, যোৱা ৯ জুনত অতি সংগোপনে কাৰ্যালয়টোৰ সকলো সা-সামগ্ৰীসহ উক্ত স্থানৰ পৰা উধাও হয়। সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীকো অৱগত নকৰাকৈ শেহতীয়াকৈ উত্তৰ শালমাৰা তুলুঙীয়াত এটা গৃহ ভাড়াত লৈ উক্ত কাৰ্যালয় স্থাপন কৰাত ৰাইজ পুনৰ জাঙুৰ খাই উঠিছে। প্ৰকল্প বিষয়া চফিলা বেগমৰ ন্যস্ত স্বাৰ্থ সিদ্ধি নোহোৱাৰ পৰিপেক্ষিতত পুনৰ ভাড়াঘৰলৈ কাৰ্য্যালয়টো স্থানান্তৰ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ৰাইজ তথা স্থানীয় একাংশ দল-সংগঠনে ইতিমধ্যে উত্তৰ শালমাৰাৰ মহকুমাধিপতিৰ জৰিয়তে সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মলৈ এখন স্মাৰকপ্ৰত্ৰ প্ৰেৰণ কৰি উক্ত কাৰ্যলয়টো পুনৰ সৃজনগ্ৰামত স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰিছে। আনহাতে, স্থানীয় ৰাইজে প্ৰকল্প বিষয়া চফিলা বেগমৰ মইমতালিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, কাৰ্যালয়টো শীঘ্ৰে স্থানান্তৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।