নৱজ্যোতি বৰুৱা
চামগুৰি
১৩ অক্টোবৰ

বিগত তিনিদিন ধৰি অব্যাহত আছে অভিযান কিন্ত বৰ্তমানেও নিখোজ হৈ আছে বিকি কলিতা। নীলাপানী হ্ৰদৰ পৰা ক’ত গ’ল বিকি কলিতা? পৰিয়ালৰ দাবী এন ডি আৰ এফ বাহিনীৰ দলে পাৰিব উদ্ধাৰ কৰিব।

নগাঁও জিলাৰ চামগুৰিৰ নীলাপানীৰ হ্ৰদ। এই নীলাপানীৰ হ্ৰদতে যোৱা দেওবাৰে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ আহি সন্ধানহীন হৈছিল গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা নামৰ এজন যুৱক। নীলাপানী হ্ৰদত গা ধুবলৈ নামি নিখোজ হোৱা বিকি কিলিতৰ তৃতীয় দিনাও সন্ধান উলিয়াব নোৱাৰিলে এছ ডি আৰ এফ বাহিনীয়ে। এছ ডি আৰ এফ বাহিনীয়ে সফলতা লাভ কৰিব নোৱাৰাত এতিয়া বিকি কলিতাৰ আত্মীয়ই এছ ডি আৰ এফ বাহিনীৰ পৰিবৰ্তে নীলাপানী হ্ৰদত নিখোজ হোৱা বিকি কলিতাৰ উদ্ধাৰ অভিযানত এন ডি আৰ এফ বাহিনীৰ দল নিয়োগ কৰাৰ দাবী জনাইছে চৰকাৰ তথা প্ৰশাসনক। আনহাতে তিনিদিন ধৰি এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাইও বিকি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত বিকি কলিতাৰ আত্মীয়ই  অভিশপ্ত নীলাপানী হ্ৰদৰ পাৰত নেদেখাজনলৈ আগবঢ়াইছে পূজা-অৰ্চনা। ধুপ-দীপ-নৈবৰ্দ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই কাকতি-মিনতি কৰিছে বিকি কলিতাৰ আত্মীয়-স্বজনে বিকি কলিতাৰ বাবে।

উল্লেখ্য যে দেওবাৰে বন্ধুৰ সৈতে গুৱাহাটীৰ বামুনিমৈদামৰ পৰা বনভোজ খাবলৈ আহি নীলাপানী গা ধুবলৈ গৈ সন্ধানহীন হৈছিল বিকি কলিতা। বিগত তিনি দিন ধৰি এছ ডি আৰ এফ বাহিনীয়ে বিকি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰাৰ বাবে চেষ্টা চলাই আছে যদিও সফলতা লাভ কৰিব পৰা নাই এছ ডি আৰ এফ বাহিনীৰ দলে। অভিশপ্ত নীলাপানী হ্ৰদেই কাল হৈ পৰা বিকি কলিতাৰ আত্মীয়-স্বজন অভিশপ্ত হ্ৰদটোৰ কাষতে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে।