আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী 

১৪ অক্টোবৰ

দক্ষিণ শালমাৰাত অব্যাহত আছে পশুধনৰ চোৰাং বেহা। মঙলবাৰে পুনৰ দক্ষিণ শালমাৰাত ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ কৰে আৰক্ষীয়ে। বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে পশুধন।

নামনি অসমৰ ধুবুৰী আৰু দাক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চল সমূহত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে চোৰাং পশুধনৰ বেহা। বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তত নদী পথ সমূহেৰে প্ৰতিদিন বৃহৎ সংখ্যক পশুধন চোৰাংভাৱে বাংলাদেশলৈ চালান দিয়ে পশুধনৰ অবৈধ সৰবৰাহকাৰী সকলে। আৰক্ষীয়ে বিভিন্ন সময়ত দুই এটা সফলতা লাভ কৰি কিছু সংখ্যক পশুধন জব্দ কৰাৰ লগতে দুই এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মঙলবাৰেও এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীৰ তত্বাৱধানত এছ আই আহমেদ আলীৰ নেতৃত্বত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই দক্ষিণ শালমাৰাৰ মাটিফাটা ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ৫০ টা পশুধন জব্দ কৰাৰ লগতে এগৰাকী পশুধন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বাংলাদেশলৈ চোৰাং ভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ফকিৰগঞ্জ থানাৰ অধীনস্থ বাউশকাটা আৰমাৰিৰ চৰ গাঁৱৰ বাসিন্দা চান্দু শেখৰ পুত্ৰ শুকুৰ আলী বুলি আৰক্ষীৰ সূত্ৰে জনা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ এটা সঁজাতি দলে অভিযান চলাই দক্ষিণ শালমাৰা ভাৰত-বাংলাদেশ সীমান্তৰ শুতলামাৰা মোটাখোৱাত ব্ৰহ্মপুত্ৰৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ৩৮ টা গৰু জব্দ কৰিছিল। অৱশ্যে আৰক্ষীয়ে কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। দক্ষিণ শালমাৰা মানকাচৰ জিলাত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ চকুত ধূলি দি দক্ষিণ একাংশ পশুধন সৰবৰাহকাৰী দিনে-নিশাই বাংলাদেশলৈ চোৰাংভাৱে পশুধনৰ সৰবৰাহ আব্যাহত ৰাখিছে।