গুৱাহাটী

১৩ অক্টোবৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ, “অসমত মোগলৰ আগ্ৰাসন চলি আছে। আমি মোগলৰ আগ্ৰাসন প্ৰতিহত কৰিব লাগিব”। মুখ্যমন্ত্ৰীৰ এই মোগল আগ্ৰাসনৰ ভাষণ পিছতে সকলোৱে বিচাৰি ফুৰিছে অসমৰ মোগল কোন ? অৱশেষত অসমৰ মোগলক চিনাকি কৰাই দিবলৈ ওলাই আহিল বিজেপিৰ সংখ্যালখু নেতা মমিনুল আৱাল। আৱালে দাঙি ধৰিলে অসমৰ মোগলৰ এক দীঘলীয়া বাখ্যা।

মমিনুল আৱালৰ মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মোগলৰ আগ্ৰাসন ভাষণকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কিছুমান পাতলীয়া সাংবাদিকে মুখ্যমন্ত্ৰীৰ এই মোগলৰ আগ্ৰাসন ভাষণ বুজিব পৰা নাই। আৱালৰ মতে অসমৰ কলা, সংস্কৃতি, ভাষা, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আদিৰ ওপৰত যি বহিঃআগ্ৰাসন চলিছে ইয়াকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোগল হিচাপে অভিহিত কৰিছে। বিজেপিৰ সংখ্যালঘূ নেতা গৰাকীয়ে মুখ্যমন্ত্ৰীৰ মোগলৰ বাখ্যা চমুকৈ বুজাই অসমৰ মোগলৰ দীঘলীয়া বাখ্যা তেওঁ নিজেই দাঙি ধৰিলে। মমিনুল আৱালৰ মতে অসমত যিসকল বৃদ্ধিজীৱী চীনৰ সমৰ্থক সেই সকল বুদ্ধিজীৱী মোগলৰ বংশধৰ, যিসকল কৃষক সংগঠন চীনা চিন্তাধাৰাৰে পৰিচালিত সেইসকল মোগল, অসমৰ যি সকল প্ৰবজনকাৰী মুছলামানে অসমত মোগলৰ সংস্কৃতি বৃদ্ধিৰ বাবে পৰিকল্পিতভাৱে কিছুমান কাম কৰি আছে সেইসকল মোগল। মমিনুল আৱালে মোগল সকলৰ বাখ্যা দাঙি ধৰিলে আৰু এই বাখ্যাত যদি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নাম নাথাকে তেন্তে মোগলৰ বাখ্যা আধৰুৱা হৈ থাকিব। গতিকে আৱালে বৰ্ণনা কৰিলে যে যি সকলে কংগ্ৰেছ নেতাই স্বাধীনতাৰ পিছৰে পৰাই প্ৰবজনকাৰী মুছলমান সকলক আনি তেওঁলোকক মাটি, ভেটি প্ৰদান কৰি সংস্থাপন প্ৰদনা কৰি আহিছে সেই সকল কংগ্ৰেছৰ নেতাও মোগল আৰু আজমলৰ বংশধৰ।

আৱালে এ আই ইউ ডি এফ দলক প্ৰবজনকাৰী মুছলমানৰ দল আখ্যা দি এই দলত থকাৰ বাবে আদিত্য লাংথাছ আৰু চম্পাক কলিতাকো মোগলৰ লগত তুলনা কৰে। মোগলৰ বাখ্যাৰ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ সংখ্যালঘু নেতা গৰাকীয়ে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে মিত্ৰতাৰ জৰিয়তে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত ইছলাম ধৰ্মীয় ভোটাৰ সকলক মেৰুকৰণৰ কৰাৰ চেষ্টা চলাইছে।