চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৪ জুন : চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত পানবাৰী খণ্ড বন কাৰ্যলয়ৰ সমীপৰ পানবাৰীৰ দিচাং নদীত অবাধ গতিত অবৈধ ভাবে শিলৰ খনন কাৰ্য অব্যাহত আছে। অবৈধ শিলখননৰ ফলত অচিৰেই পানবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে পানবাৰীগাঁওখন নিঃশেষ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে।

বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যোৱা ২০ মাৰ্চৰ পৰা দেশত ঘোষণা কৰিছিল লক ডাউন। দেশজুৰি চাৰিটাকৈ পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত স্তব্ধ হৈ পৰিছিল সকলো কাম-কাজ। বৰ্তমান চৰকাৰে কিছু নীতি-নিয়মৰ মাজত থাকি কাম-কাজ সমূহ পুনৰ আৰম্ভ কৰিছে। চৰকাৰে প্ৰদান কৰা শিথিলতাৰ মাজতে ইতিমধ্যে ৰাজ্যতো আৰম্ভ হৈছে দলং নিৰ্মাণকে আদি কৰি মাথাউৰি নিৰ্মাণ, ৰাস্তা-পদুলি নিৰ্মাণ আদিৰ কাম সমূহ৷ ইয়াৰে পৰিপেক্ষিতত শিল খননৰ অনুজ্ঞাপত্ৰ সমূহ জিলা প্ৰশাসনৰ যোগেদি লাভ কৰি বহু লোকে কাম কাজ সমূহ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে কিন্তু চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিভাগ আৰু পানবাৰী খণ্ড বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত গোপন মিতিৰালি পাতি এচাম অসাধু শিল ব্যৱসায়ীয়ে অবাধ গতিত শিল খনন কৰি ধ্বংসযজ্ঞত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণতকৈ হাজাৰ গুণ অধিক শিল সংগ্ৰহ কৰাৰ বিপৰীতে নাম মাত্ৰ ৰাজহ আদায় দিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে৷ মাত্ৰ এজন ব্যক্তিৰ নামত অনুমোদন লাভ কৰা অনুজ্ঞাপত্ৰৰে কেইবাজনো ব্যক্তিয়ে অবৈধভাৱে সমগ্ৰ অঞ্চলটোত জেচিবিৰে শিল খনন কৰি বৃহৎ বৃহৎ পুখুৰী সদৃশ “দ” গাঁতৰ সৃষ্টি কৰি মৰণফান্দৰ ব্যৱস্থা কৰিছে৷ উক্ত গাঁত সমূহত বিগত সময়ত ভালেকেইজন ব্যক্তিৰ লগতে স্কুলীয়া
ছাত্ৰ-ছাত্ৰী পৰি মৃত্যুবৰণ কৰাও পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে দৈনিক ২০০ খনতকৈ অধিক ডাম্পাৰে এই পানবাৰী অঞ্চলৰ পৰা অবাধ গতিত শিল কঢ়িয়াই আহিছে। কোনো ধৰণৰ চালান আৰু ট্ৰিপি বিহীনভাৱে কেৱল মাত্ৰ বন বিভাগৰ গেট’ত প্ৰতিবাৰে ২০০ টকাকৈ দি এই শিল সৰবৰাহ কাৰ্য চলি থকা বুলিও জানিব পৰা গৈছে৷ উল্লখ্য যে, পানবাৰী খণ্ড বন কাৰ্যলয়ৰ সন্মুখৰ পথে শিল কঢ়িওৱা গাড়ী সমূহ যোৱাৰ পৰিৱৰ্তে এটা অবৈধ উপপথেৰে কোনো চালান নকটাকৈও শিল কঢ়িওৱা গাড়ী সমূহ অহা যোৱা কৰা পৰিলক্ষিত হৈছে।