গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: এফালে ছাগলী মাংসৰ ব্যৱসায় আৰু আনফালে মাংসপেশীৰ কলাত্মক প্ৰদৰ্শন৷ তাৰ মাজতে আকৌ পৰিয়াল চলোৱাৰ প্ৰত্যাহ্বান৷ হয়, প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত আগুৱাই যোৱা এজন বিশেষ ক্ৰীড়াবিদ ইজাজুল হকৰ কথাকে কৈছোঁ৷ গোলাঘাটৰ কমাৰপট্টি নিবাসী ইজাজুল হক পেছাত ছাগলী মাংসৰ ব্যৱসায়ী যদিও তেওঁৰ প্ৰথম প্ৰেম শৰীৰচৰ্চা৷ শৈশৱৰে সপোন শৰীৰচৰ্চাৰ মাজেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াইছে ইজাজুল হকে৷ ছাগলী মাংসৰ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিও তেওঁ শৰীৰচৰ্চা অব্যাহত ৰাখিছে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৰীৰচৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহু পুৰস্কাৰ লাভ কৰিছে ইজাজুলে৷ অশেষ চেষ্টাৰ বলেৰে তেওঁ ইউৰোপত প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাইছে যদিও আৰ্থিক দীনতাৰ বাবে ইজাজুল থমকি ৰ’ব লগা হৈছে৷ অশেষ কৃতিত্বৰ অধিকাৰী এই খেলুৱৈগৰাকীৰ আৰ্থিক দৈন্য নিৰ্মূলৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৩০ মাৰ্চত তেওঁক ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হৈছে৷ চৰকাৰে সাহায্য আগবঢ়োৱাত শৰীৰচৰ্চাবিদ ইজাজুল হকে ধন্যবাদ জনোৱাৰ লগতে পৰৱৰ্তী প্ৰতিযোগিতাসমূহত বিভিন্ন দল-সংগঠনৰ পৰা সাহায্য কামনা কৰিছে৷