গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ যি সময়ত সমগ্ৰ দেশতে বাল্য বিবাহ ৰোধ কৰাৰ বাবে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সন্থাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আছে সেই সময়তে অসমত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিবাহ পাতিলে এজন অধিবক্তা তথা আমছুৰ এজন কেন্দ্ৰীয় সমিতিৰ সম্পাদক। জানিব পৰা মতে লক্ষীমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ গাঁও পঞ্চায়তৰ সভাপতি ইদ্ৰিচ আলীৰ নাবালিকা কন্যা তথা বিহপুৰীয়াৰ সোনাপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া পাতিছে আনাৰুল ইছলাম নামৰ আমছুৰ এজন নেতাই। ইতিমধ্যে আমছুৰ লক্ষীমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ আঞ্চলিক সমিতিয়ে এই সম্পৰ্কত নাওবৈচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। বাল্য বিবাহৰ বিৰুদ্ধে ইমান দিনে সংগ্ৰাম কৰি থকা আমছুৰ নেতাই এগৰাকী নাবালিকা বিবাহ পতাকা কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া আমছুৰ কেন্দ্ৰীয় সমিতিয়ে আনাৰুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব।