হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী মানকাচৰৰ টানগাঁও এলেকাত শনিবাৰে নিশা সেনা আৰক্ষীয়ে অভিযান চলাই পিস্তলসহ এজন জিএনএলএৰ লিংকমেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উ ল্লেখ্য যে, জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত থকা অসম মেঘালয় সীমান্তৱৰ্তী মানকাচৰ আৰক্ষী চকীৰ অধীনস্থ কালাপানীৰ টানগাঁৱত আৰক্ষী আৰু সেনা বাহিনীয়ে এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই লিংকমেন জনক গ্ৰেপ্তাৰ কৰে। মানকাচৰ আৰু কালাপানী আৰক্ষীৰ সহযোগত সেনা বাহিনীয়ে যৌথভাবে অভিযান চলাই থকা সময়ত মটৰ চাইকেলৰে অসমৰ পৰা মেঘালয়ৰ ফালে গৈ থকা অৱস্থাত লিংকমেনটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। মানকাচৰ থানাৰ অধীনস্থ চাটিভূই গাঁৱৰ ফজৰ ৰহমানৰ পুত্ৰ হাফিজুৰ ৰহমান নামৰ জিএনএলএৰ লিংকমেনটোৰ পৰা আৰক্ষীয়ে এটা পিস্তল, এটা মোবাইল ফোন আৰু এটা মটৰ চাইকেল জব্দ কৰে। আৰক্ষীয়ে লিংকমেন জনক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে ৰাতিপুৱা হাটশিঙিমাৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰাত আদালতে লিংকমেনজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। মেঘালয়ত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থাকোতে লিংকমেনজনে উগ্ৰপন্থী সংগঠনটোক পিস্তল যোগান দিবলৈ এইদেৰ মেঘালয়লৈ ৰওনা হৈছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ কৰে।