আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৩ নৱেম্বৰ

শিৱসাগৰ চহৰৰ সমিপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙৰ তলৰ দিখৌ নদীৰ যুঁৱলিত শুকুৰবাৰে পুৱাই এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ব্যক্তিয়ে পুৱাই দিখৌৰ যুঁৱলিত এটা মৃতদেহ  প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। উক্ত খবৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিত শিৱসাগৰ আৰক্ষীয়ে মৃতদেহ নৈৰ যুঁৱলিৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃতদেহটো শিৱসাগৰ চহৰৰ গণকপট্টিৰ ১০ নং ৱাৰ্ডৰ নিবাসী ৬১ বছৰীয়া যতীন চন্দ্ৰ শৰ্মাৰ মৃতদেহ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত যতীন চন্দ্ৰ শৰ্মাক চিকিৎসাৰ বাবে পত্নী চানু শৰ্মাই গুৱাহাটীলৈ লৈ গৈছিল। চিকিৎসা সম্পন্ন কৰি ৯ নৱেম্বৰৰ পুৱা পত্নীসহ যতীন চন্দ্ৰ শৰ্মা শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হৈছল। বাসগৃহত উপস্থিত হৈ দুয়োয়ে একাপ চাহ খাবৰ বাবে পত্নী চানু শৰ্মাই চাহ বনাবলৈ ৰান্ধনী ঘৰলৈ যায়। চাহ দুকাপ লৈ চানু শৰ্মা স্বামীৰ ওচৰলৈ আহি দেখে স্বমী নাই। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল যতীন চন্দ্ৰ শৰ্মা।

এই সন্দৰ্ভত যতীন চন্দ্ৰ শৰ্মাৰ পত্নীয়ে শিৱসাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। যতীন চন্দ্ৰ শৰ্মা ঘৰৰ পৰা কি পৰিস্থিতিত উলাই গৈছিল আৰু দিখৌ নদীত কি পৰিস্থিতিত যতীন চন্দ্ৰ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হ’ল সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই। একাংশ লোকে স্বাস্থ্য জনিত কাৰণত শৰ্মাই আত্মহত্যাৰ পথ বাছি লয় বুলি সন্দেহ প্ৰকাশ কৰিছে।