ফজলুৰ ৰহমান
সোণতলী
১১ ডিচেম্বৰ

দক্ষিণ কামৰূপৰ সোণতলীত আৱকাৰী বিভাগৰ অভিযান৷ দহ লক্ষাধীক টকাৰ ভাংগছ ধ্বংস৷ অঞ্চলটোৰ একাংশ লোক অবৈধ ভাং খেতিৰ লগত জড়িত। ভাং খেতিৰ বিৰুদ্ধে অৱকাৰী বিভাগৰ অভিযান অনাগত দিনত অব্যাহত থাকিব।

সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰী বিলৰজানত বৃহস্পতিবাৰে সোণতলী আৰক্ষীৰ সহযোগত আৱকাৰী বিভাগে ভাং খেতিৰ বিৰুদ্ধে এক অভিযান চলায়৷ অভিযানকালত আৰক্ষী আৰু অৱকাৰী বিভাগৰ লোকে বহু সংখ্যক ভাংগছ কাটি অগ্নি সংযোগ কৰি জলাই দিয়ে। কামৰূপ জিলা আৱকাৰী বিভাগৰ বিষয়া মানস প্ৰতিম শৰ্মা আৰু সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰৰ নেতৃত্বত এক গোপনসূত্ৰে পম খেদি অভিযান চলায়। অভিযানত ধ্বংস কৰা হয় লাখ লাখ টকাৰ নিষিদ্ধ ভাংগছ৷ আনহাতে অগ্নি সংযোগ কৰা ভাংগছ সমূহৰ পৰা উৎপাদন হ’বলগীয়া গাঞ্জাখিনিৰ বজাৰৰ মূল্য প্ৰায় দহ লক্ষাধিক টকাৰ হ’ব বুলি আবকাৰী বিভাগে সদৰি কৰে৷

উল্লেখযোগ্য যে, সোণতলীৰ বিভিন্ন অঞ্চলত এচাম অসাধু চক্ৰই দীৰ্ঘদিনৰে পৰা অবৈধ গাঞ্জা খেতিৰ লগত জড়িত হৈ আছে৷ এই নিষিদ্ধ খেতিৰ বিৰুদ্ধে অনাগত দিনতো অভিযান অব্যাহত থাকিব বুলি আবকাৰী বিভাগে মন্তব্য প্ৰকাশ কৰে৷