ফজলুৰ ৰহমান

সোণতলী 

৫ আগষ্ট

সোণতলীৰ বগুৰীগুৰীত বিদ্যুৎ স্পৃষ্টহৈ মৃত্যু হোৱা আলিম উদ্দিনৰ ঘৰত স্থানীয় বকোৰ বিধায়িকা নন্দিতা দাস। আলিম উদ্দিনৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত্যু আলিম উদ্দিনৰ ডাঙৰ কন্যাৰ দুই বছৰৰ পঢ়া সম্পুৰ্ণ দায়িত্ব ল’লে বিধায়িকা গৰাকীয়ে।

যোৱা জুলাই মাহৰ ২৯ তাৰিখে নিশা প্ৰায় ৭ মান বজাত দক্ষিণ কামৰূপ জিলা অন্তৰ্গত বকো বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত বগুৰীগুৰীত বিদ্যুৎ স্পৃষ্ট হৈ মালিবাৰীৰ জাৰপাৰা গাঁৱৰ আলিম উদ্দিন নামৰ এজন লোক মৃত্যু হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হৈছিল দুজনকৈ লোক৷ আহত লোক দুজন মালিবাৰী সত্ৰৰ শ্বহিদুল হক আৰু ১ নং মালীবাৰীৰ নুৰুল ইছলাম৷ মৃত আলিম উদ্দিনৰ লগতে গুৰুত্বৰভাৱে আহত হোৱা নুৰুল ইছলাম বিদ্যুৎ বিভাগৰ বকো বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী৷ আলিম উদ্দিনসহ আহত দুয়োজন লোকক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত আলিম উদ্দিনক মৃত বুলি ঘোষণা কৰি আলিম উদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছিল। আনহাতে আহত লোক দুজনৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে আহত লোক দুজনকো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছিল।

নাৱত মাইক বান্ধি লৈ বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ মাইকিং কৰি থকা অৱস্থাত মাইকৰ লগত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰ লাগি ধৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুত্বৰভাৱে আহত হৈছিল। আলিম উদ্দিন নিজৰ দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। মৃত্যু আলিম উদ্দিনৰ তিনিটা কন্যা সন্তানৰ লগতে পৰিয়ালটিত মুঠ ছয় জন ব্যক্তি আছে। বুধবাৰে বকোৰ স্থানীয় বিধায়িকা নন্দিতা দাস মৃত্যু আলিম উদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে আলিম উদ্দিনৰ ডাঙৰ কন্যাৰ নৱম শ্ৰেনীৰ পৰা দশম শ্ৰেণী লৈকে সকলো দায়িত্ব বিধায়িকা গৰাকীয়ে গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।