বৰপেটা

৫ আগষ্ট

ঘাটকৰ ৰূপত ৰাজ্যৰ বিদ্যুৎ বিভাগ। ঘৰৰ ওপৰত বিদ্যুৎ প্ৰৱাহিত তাঁৰ ছিঙি পৰাত এইবাৰ বৰপেটাত প্ৰাণ গ’ল এজন লোকৰ। বৰপেটাৰৰোডৰ সমীপৰ বাঁহবাৰীত সংঘটিত এই ঘটনাত আহত হৈছে অন্য এজন লোকো।

বিদ্যুত প্ৰৱাহিত তাঁৰ ছিঙি বৰপেটাৰৰোডৰ বাঁহবাৰীত এজন লোক নিহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ পেলাইছে। প্ৰদীপ সৰকাৰ নামৰ এজন লোকৰ ঘৰৰ ওপৰত প্ৰৱাহিত তাঁৰ ছিঙি পৰাত সমগ্ৰ ঘৰটোতে বিদ্যুৎ প্ৰৱাহিত হৈ পৰিছিল আৰু সেই সময়তে প্ৰদীপ সৰকাৰে ঘৰৰ ভিতৰত থকা আলমিৰাতো স্পৰ্শ কৰাত বিদ্যুৎপৃষ্ঠ হয়। প্ৰদীপ সৰকাৰক স্থনীয় কিছুমান লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে প্ৰদীপ সৰকাৰৰ মৃত্যু হোৱা বুলি সদৰি কৰে৷

ইপিনে প্ৰদীপ সৰকাৰক উদ্ধাৰ কৰিবলৈ যোৱা তেওঁৰ এজন ভাতৃও ঘটনাত আঘাতপ্ৰাপ্ত হয়। অবশ্যে চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিচত আঘাতপ্ৰাপ্ত লোকজনক ঘৰলৈ যাবলৈ দিয়া হয়। বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাত ফলত এনেদৰে ঘৰৰ ভিতৰতে বিদ্যুৎ প্ৰৱাহিত হৈ এজন লোক মৃত্যুমুখত পৰিবলগীয়া হোৱা ঘটনাই বৰপেটাৰোড অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷