ফজলুৰ ৰহমান

সোণতলী 

৫ আগষ্ট

বৰপেটাত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। বৰপেটাৰ দক্ষিণ প্ৰান্তৰ মহচৰাত বিদ্যুৎস্পৃষ্ট হৈ বুধবাৰে দ্বিতীয়জন লোকৰ মৃত্যু।বিদ্যুৎৰ ফিউজ সংযোগ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মহচৰা এন চি গাঁৱৰ শুকুমুদ্দিন নামৰ যুৱক জনৰ মৃত্যু।

জানিব পৰা মতে বিদ্যুৎৰ ফিউজ সংযোগ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ শুকুমুদ্দিন নামৰ যুৱকজন মাটিত ঢলি পৰে। ৰাইজে ততাকৈয়াকৈ অচেতন অৱস্থাত উদ্ধাৰ কৰি যুৱকজনক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে পৰীক্ষা নিৰিক্ষা কৰি যুৱকজনক মৃত বুলি ঘোষণা কৰে। বিদ্যুৎ বিভাগৰ হেমাৰিৰ বাবে যুৱকজনৰ কৰুণ মৃত্যু হোৱা বুলি যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ ছয়জনীয়া দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল শুকুমুদ্দিন৷

ইফালে বুধবাৰে দিনৰ ভাগত বৰপেটাৰোডৰ বাঁহবাৰীত ঘৰৰ ওপৰত বিদ্যুৎৰ তাৰ ছিঙি এজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য এজন লোক আঘাতপ্ৰাপ্ত হৈছিল। মৃত লোকজন প্ৰদীপ সৰকাৰ বুলি জানিব পৰা গৈছে।