আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজখিকা শি

ৱসাগৰ

৯ নৱেম্বৰ

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যংগাত্মক প্ৰতিবাদ। আলু, পিয়াঁজৰ ব্যৱসায়িক জেড কেটেগৰীৰ সুৰক্ষা প্ৰদানৰ দাবী। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ।

শিৱসাগৰত আহোম সেনাৰ ব্যতিক্ৰমী প্ৰতিবাদ। মূল্যবৃদ্ধিৰ বিৰূদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আলু, পিয়াঁজৰ ব্যৱসায়িক জেড কেটেগৰীৰ সুৰক্ষা প্ৰদানৰ দাবী জনালে আহোম সেনাই। ৰাজ্যত যিদৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব ধৰিছে, সেই হাৰত বৰ্তমান আলু, পিয়াঁজ হীৰাৰ দৰে মূল্যবান হৈ পৰিছে। এনে মূল্যৱান সামগ্ৰীৰ যাতে হৰণ-ভগন নহয় তাৰ বাবে আলু, পিয়াঁজৰ ব্যৱসায়ী আৰু ব্যৱসায়ী সকলে আলু, পিয়াঁজ ৰখা গুদাম সমূহৰ প্ৰতি সুৰক্ষা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে। পৰিবহণৰ সময়ত যাতে আলু, পিয়াঁজৰ দৰে বহুমূলীয়া সামগ্ৰীৰ ডকাইতি নহয় সেয়েহে আলু, পিয়াঁজ পৰিবহণ কৰা ঠেলাগাড়ী সমূহকো সুৰক্ষা প্ৰদানৰ ব্যংগাত্মক দাবী উত্থাপন কৰে আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে। সোমবাৰে প্ৰতিবাদ সাৱস্ত্য কৰাৰ সময়ত আলু, পিয়াঁজ পৰিবহণ কৰা ঠেলাগাড়ীক কঠোৰ সুৰক্ষাৰ মাজেৰে আগবঢ়াই নি আহোম সেনাই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ বিফলতাক কটাক্ষ কৰে। প্ৰতিবাদৰ মাজেৰে আহোম সেনাই অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীও উত্থাপন কৰে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি অস্বাভাৱিক হাৰত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ অৱস্থা জুৰুলা কৰি তুলিছে। মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা খুৰাই থকাৰ সময়তে মূল্যবৃদ্ধিকলৈ বিজেপি চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কৰ টুলুঙা মন্তব্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰখন বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।