যতীন নাথ

মাজবাট

৯ নৱেম্বৰ

৪০ নং ৰৌতা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। বিটিআৰত বড়ো-অনাবড়োৰ মাজত থকা সম্প্ৰতি হাগ্ৰামাই ধৰি ৰাখিব নোৱাৰিলে বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিটিচি নিৰ্বাচনৰ ৰণডংকা বজাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী ৰিহণ দৈমাৰীক কত্যক্ষ। উন্নয়নৰ কাম কাজত শূণ্য বিপিএফ।

সোমবাৰে ওৰাঙৰ ধনশ্ৰীঘাটত ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কষ্টৰাম বাগলাৰিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই। হেলিকাপ্তাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে হিমন্ত বিশ্ব শৰ্মাই। হাগ্ৰামা আৰু প্ৰমোদ বড়ো লগত কাজিয়া হোৱা নাই, জনপ্ৰিয়তাৰ ক্ষেত্ৰত বিটিআৰৰ ৰাইজে সুস্থ সিদ্ধান্ত ল’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাস। বিজেপিয়ে বিটিআৰত দুখন আসন পাব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰাম মহিলাৰীক কত্যক্ষ কৰি দুই পিছত শূণ্য লগোৱাটো মোৰ দায়িত্ব বুলি মন্তব্য কৰে। বিপিএফ দলে ১৫ বছৰে বিটিআৰৰ ৰাইজৰ মাজত মিলা-প্ৰীতি কৰিব নোৱাৰিলে বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ আগমনত “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়াটো স্পষ্ট আছিল কিন্তু কোনোবাই পোষ্ট ৰিপৰ্ট কৰা বাবেহে ফেচবুকে পোষ্টটো ডিলিট কৰিলে বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে। “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়া বহু গোচৰ ৰজু হৈ আছে বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।