আব্দুল হক

নগৰবেৰা 

৯ নৱেম্বৰ

বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ। একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগৰ মাজতে বন বিভাগৰ চোৰাং কাঠ বিৰোধী অভিযান।

কামৰূপ জিলাৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাত দীৰ্ঘদিন ধৰি অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত বন ধ্বংসযজ্ঞ চলাই থকাৰ অভিযোগৰ মাজতে সোমবাৰে নগৰবেৰাৰ জামলাইত বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়। বন বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ।জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।বন বিভাগৰ কুকুৰমাৰা আৰু নগৰবেৰা কাৰ্যালয়ৰ বন কৰ্মীৰ এটা বৃহৎ দলে জলজলী নৈৰ পাৰত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় দেৰ শতাধিক কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা সাফল্যক প্ৰশংসা কৰিছে স্থানীয় ৰাইজে। ৰাইজে লগতে বন বিভাগক অঞ্চলটোত চলি থকা অবৈধ কাঠফলা মিল সমুহ বন্ধ কৰিবলৈও দাবী জনাইছে।