ছয়গাঁও, সংবাদ ৩৬৫, ৬ মে’ : কামৰূপ জিলাৰ ছয়গাঁৱৰ বনগাঁৱত অৱস্থিত আশাদ্বীপ নামৰ মানসিক বিকাৰগ্ৰস্ত অঘৰী লোকৰ পূৰ্ণবাস কেন্দ্ৰত উপস্থিত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। কেন্দ্ৰটোত থকা লোক সকলৰ মাজত বিভিন্ন ধৰণৰ ফল মূল, গাখীৰ, খোৱা পানীৰ লগতে কৰ’ণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ বিধায়ক গৰাকীৰ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। এই মাৰাত্মক ভাইৰাছৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ কেন্দ্ৰ চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি ঘোষণা কৰিছে লক ডাউন। ইতিমধ্যে লক ডাউনৰ দুটাকৈ পৰ্যায় সমাপ্ত ঘটিছে যদিও দেশত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লক ডাউন। লক ডাউনৰ সংকটৰ এই সময়ত দেশৰ জনসাধাৰণ সন্মুখীন হৈ আছে বিভিন্ন সমস্যাৰ। এই সমস্যা সমূহত ভিতৰত খাদ্য সমস্যা হৈছে সবাতোকৈ প্ৰধান সমস্যা। চৰকাৰে সাধাৰণ জনতাৰ এই সমস্যা সমূহ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সমান্তৰালে সমাজৰ সমৰ্থবান ব্যক্তি সকলেও দুখীয়া ৰাইজৰ বাবে আগুৱাই অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতো কিন্তু সমাজত এনে এচাম লোক আছে, যিসকলৰ কথা হয়তো বহু কম সংখ্যক লোকে চিন্তা কৰিছে।বিপদৰ সময়ত, এই সকল লোকৰ কাষতগৈ সহায়ৰ হাত আগুৱাই দিছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।কৱমৰূপ জিলাৰ ছয়গগাঁও সমষ্টিৰ বনগাঁৱত অৱস্থিত আশাদ্বীপ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰিচালনাত থকা মানসিক বিকাৰগ্ৰস্ত অঘৰী লোকৰ পূৰ্ণবাস কেন্দ্ৰত বুধবাৰে উপস্থিত হয় বিধায়ক ৰেকিবুদ্দিন আহমেদ। কেন্দ্ৰটোত উপস্থিত হৈ বিধায়ক গৰাকীয়ে কেন্দ্ৰটোত থকা ৭৫ গৰাকী পুৰুষ-মহিলাৰ মাজত বিভিন্ন ধৰণৰ ফল মূল, গাখীৰ, খোৱা পানী ইত্যাদি প্ৰদান কৰাৰ লগতে কৰ’ণা মহামাৰীৰ পৰা হাত সাৰিবলৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বিতৰণ কৰে। কেন্দ্ৰটোৰ চোৱা চিতাৰ লগত জড়িত থকা ১৫ গৰাকী কৰ্ম্মচাৰীকো বিধায়ক ৰেকিবুদ্দিন আহমেদে ফল মূল, বিস্কুট, জুচ, গাখীৰৰ উপৰিও মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ যোগান ধৰে।

উল্লেখ্য যে, ২০০৫ চনৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা মানসিক বিকাৰগ্ৰস্ত অঘৰী লোক সকলক এই কেন্দ্ৰত ৰাখি শুশ্ৰূষা কৰি থকা হৈছে। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ দুদিন পুৰ্বেও অঞ্চলটোত থকা বৃদ্ধা আশ্ৰম আৰু শিশু গৃহত উপস্থিত হৈ খাদ্য সামগ্ৰী যোগান ধৰিছিল।