গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : মঙলবাৰে ৰাজ্যত দুজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত বুধবাৰে পুনৰ এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কাছাৰ জিলাত এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা বুলি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে সদৰি কৰিছে।

বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতত প্ৰতিদিনে ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। দেশৰ অন্যান্য ৰাজ্য সমূহত আক্রান্ত লোকৰ সংখ্যাৰ তুলনাত অসমত আক্রান্ত সংখ্যা যদিও কম, বুধবাৰ নিশালৈকে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে। অসমত কভিড-১৯ কৰ’ণা ভাইৰাছৰ আক্ৰান্ত প্ৰথমজন ৰোগী ধৰা পৰিছিল ৩১ ডিচেম্বৰত। ইয়াৰ পিছতে এক নিৰ্দিষ্ট গতিত ৰাজ্যত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে নিশাৰ ভাগত কাছাৰ জিলাত নতুনকৈ এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে কাছাৰ জিলাত এজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা সদৰি কৰিছে। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ লোকৰ সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে যদিও আক্ৰান্ত লোক সকলৰ ভিতৰত ৩৩ জন সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

উল্লেখ্য যে, মঙলবাৰে ৰাজ্যৰ গোৱালপাৰা জিলাৰ কন্টেইনমেন্ট জ’নত থকাৰ এজন লোক আৰু কোকৰাঝাৰ জিলাৰ পৰা পশ্চিম বংগৰ কোচবেহাৰ ভ্ৰমণ কৰি অহা অন্য এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ২৮ এপ্ৰিলতো বঙাইগাঁও জিলাত ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ পিছতে জিলাখনত পুনৰ ৩০ এপ্ৰিলত ৪ গৰাকীকৈ লোকে শৰীৰত মাৰাত্মক কভিড-১৯ কৰু’ণা ভাইৰাছ ধৰা পৰিছিল।