গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : আৰ টি আই কৰ্মী দুলাল বৰাৰ ৰুক্মিণীগাঁৱৰ তিনিমহলীয়া অট্টালিকাত পৰিল প্ৰশাসনৰ হাতোৰা। জি এম ডি এৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দুলাল বৰাই ৰুক্মিণীগাঁৱত নিৰ্মাণ কৰিছিল তিনিমহলীয়া অট্টালিকা।

আদালতৰ নিৰ্দেশা অনুসৰি কামৰূপ জিলা প্ৰশাসনে বুধবাৰে ৰুক্মিণীগাঁওস্থিত বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাৰ এখন তিনিমহলীয়া অট্টালিকা ভাঙি পেলায়। জি এম ডি এৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দুলাল বৰাই নিৰ্মাণ কৰা তিনিমহলীয়া অট্টালিকাখন পুৱাৰ ভাগত জিলা প্ৰশাসন আৰু আৰক্ষীৰ এটা দলে ৰুক্মিণীগাঁৱত উপস্থিত হৈ ভাঙি পেলায়। দুলাল বৰাই অবৈধ ভাবে নিৰ্মাণ কৰা অট্টালিকাখনত বহু লোকক ঘৰ ভাড়া দিছিল। উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰশাসনে কইনাধৰাস্থিত দুলাল বৰাৰ অন্য এখন বাসগৃহ ভাঙিছিল। বিতৰ্কিত আৰ টি আই কৰ্মী গৰাকীয়ে কইনাধাৰৰ বাসগৃহও কোনো ধৰণৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰিছিল।

দুলাল বৰাৰ বিৰুদ্ধে আৰ টি আইৰ জৰিয়তে বিভিন্ন লোকক ব্লেকমেইলিং কৰাৰ অভিযোগ আছে। বৰ্তমান দুলাল বৰা ব্লেকমেইলিংৰ অভিযোগত কাৰাবন্ধী হৈ আছে।