গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ১৯ জুন : সমগ্ৰ বিশ্বতে মৃৎ শিল্পৰ বাবে বিখ্যাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁও। অসমৰ কুটীৰ উদ্যোগৰ লগতে পৰ্যটন উদ্যোগত আশাৰীকান্দি গাঁৱৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। দেশ-বিদেশত অসমৰ মৃৎ শিল্পীক চিনাকি কৰাই দিয়া আশাৰীকান্দিৰ মৃৎ শিল্পী সকলকৰ বৰ্তমান অৱস্থা পানীত হাঁহ নচৰা হৈছে।

বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ প্ৰভাৱ পৰিলক্ষিত হৈছে সকলো ক্ষেত্ৰতে। মহামাৰী কৰ’ণা ভাইৰাছৰ ফলত বিধস্ত হৈছে বিশ্বৰ অৰ্থনীতি, বন্ধ হৈ পৰিছে এখন বিশ্বৰ দেশ সমূহৰ মাজত আমদানি-ৰপ্তানি। কৰ’ণা ভাইৰাছৰ কুপ্ৰভাৱ ব্যাপক ভাৱে পৰিছে ধুবুৰী জিলাৰ আশাৰীকান্দিৰ মৃৎ শিল্পী সকলকৰ ওপৰতো। ধুবুৰী জিলাৰ ঐতিহাসিক আশাৰীকান্দিৰ পালপাৰা গাঁৱৰ দুই শতাধিক মৃৎ শিল্পীৰ পৰিয়ালে যুগ যুগ ধৰি নিজৰ হাতৰ পৰসৰে প্ৰস্তুত কৰি আহিছে মাটিৰ বিভিন্ন ধৰনৰ বাচন, ফুলৰ টোপ, পুতলা, মূৰ্ত্তী, প্ৰতিমাৰ লগতে বহু আটক ধুনীয়া সা-সামগ্ৰী। এই পৰিয়াল কেইটাই মাটিৰ সামগ্ৰী সমূহ প্ৰস্তুত কৰি দেশ-বিদেশলৈ ৰপ্তানি কৰি বিশ্বৰ দৰবাৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো মহামৰী কৰুণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি পোৱাত বিগত তিনিটা মাহ ধৰি এই মৃৎ শিল্পী সকলে প্ৰস্তুত কৰা সামগ্ৰী সমুহ ৰপ্তানি বন্ধ হৈ পৰাত মৃৎ শিল্পী সকলৰ পৰিয়ালৰ অৱস্থা অঁচলা হৈ পৰিছে। কৰুণা ভাইৰাছৰ প্ৰভাৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিল্পী সকলক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিমাহে দুই হেজাৰ টকাকৈ সাহায্য প্ৰদান কৰাৰ ঘোষনা কৰিছে যদিও আশাৰীকান্দিৰ থলুৱা মৃৎ শিল্পী সকলক এই আঁচনীৰ পৰা সম্পূৰ্ণ ৰূপে বঞ্চিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ আশাৰীকান্দিৰ মৃৎ শিল্পীই দেশ-বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰি আহিছে। আশাৰীকান্দিৰ শিল্পী সকলে প্ৰস্তুুত কৰা সামগ্ৰী সমূহে পৰ্যটক সকলক মুগ্ধ কৰাও পৰিলক্ষিত হৈছে। ৰাজ্যৰ কুটীৰ আৰু পৰ্যটন উদ্যোগৰ লগতে অৰ্থনীতিৰ ওপৰত আশাৰীকান্দিৰ মৃৎ শিল্পী সকলৰ অৱদান এক অন্যতম গুৰুত্বপূৰ্ণ অৱদান।