চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২০ জুন : কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিলে ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বৰহাট শাখা সাহিত্য সভা আৰু কল্পদ্ৰুম কবি চক্ৰৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়।

গণশিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি উজনিৰ পৰা নামনি লৈকে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস। ৰাজ্যত কৰ’ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰি ত্ৰাস চলাই থকাৰ মাজতে ৰাজ্যবাসীয়ে ৰাভা দিৱস উপলক্ষে সোঁৱৰণ কৰিলে গণশিল্পী গৰাকীক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বৰহাট শাখা সাহিত্য সভা আৰু কল্পদ্ৰুম কবি চক্ৰৰ উদ্যোগত গণশিল্পী বিষ্ণু প্ৰসাদ ৰাভাক সুঁৱৰি পালন কৰা হয় ৰাভা দিৱস। অসম সাহিত্য সভাৰ অন্তৰ্গত বৰহাট শাখা সাহিত্য সভা আৰু সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বৰহাট কল্পদ্ৰুম কবি চক্ৰৰ উদ্যোগত বৰহাট সাহিত্য ভৱনৰ সমীপত পুৱা ৯ বজাত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে। মাল্যাৰ্পণ কৰে বৰহাট কল্পদ্ৰুম কবি চক্ৰৰ সভাপতি দীচেন গগৈয়ে। বৰহাট শাখা সাহিত্য সভাৰ সম্পাদক ৰুস্তম গগৈয়ে আঁতধৰা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত শাখা সাহিত্য সভাৰ সভাপতি বদন গগৈ, দীচেন গগৈ, ভাস্কৰ ভাজনী, হৰিনাৰায়ণ বুঢ়াগোহাঁয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ সাহিত্য, সংগীত, কাব্য তথা কৰ্মৰাজিৰ সন্দৰ্ভত আলোকপাত কৰে।

ৰাভা দিৱস অনুষ্ঠানত বৰহাটৰ উদীয়মান কণ্ঠ শিল্পী মেঘা বুঢ়াগোহাঁই আৰু য়ে খাম দয় ছেঙে বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।