ৰৌতাৰ পৰা মহেন্দ্ৰ ভেটুৱাল, সংবাদ ৩৬৫, ১৮ জুন : ওদালগুৰি জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। জিলাখনৰ ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰত বৃহস্পতিবাৰে নতুনকৈ ৩ জন লোকৰ শৰীৰত ধৰা পৰিল কৰ’ণা ভাইৰাছৰ উপস্থিতি। নতুনকৈ ৩ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ওদালগুৰিত আক্ৰান্তৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি পালে।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যত প্ৰতিদিনে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ মহানগৰী গুৱাহাটীত গণ সংক্ৰমণৰ ঘটনাও পোহৰলৈ পোৱা গৈছে। গুৱাহাটীৰ সমান্তৰালে বড়োভূমিৰ ওদালগুৰি জিলাতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা। বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰত নতুনকৈ ৩ জন লোকৰ শৰীৰত পোৱা গৈছে কৰ’ণা ভাইৰাছৰ উপস্থিতি। ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰৰ নতুনকৈ আক্ৰান্ত ৩ জন লোকৰ ভিতৰত ডিমাকুচি লাথাবাৰীৰ জোলাও দৈমাৰী, উত্তৰ ধিলাপৰা পানেৰীৰ ৰমানিচ ধৰ আৰু হাৰিছিঙা কৰামোৰ চাহ বাগিচাৰ পৰেশ হৰিজন বুলি জানিব পৰা গৈছে।

আক্ৰান্ত তিনিও জন লোক ১৫ জুনত তামিলনাডুৰ পৰা আহি ৰৌতা কলেজ কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইন হৈ আছিল। নতুনকৈ কৰ’ণা ভাইৰাছত আক্রান্ত তিনিও জন লোকক বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।