আজিজ আলী

নলবাৰী

১ ডিচেম্বৰ

মুকালমুৱা আৰক্ষীৰ ওপৰত ভয়াবহ আক্ৰমণ৷ মুকালমুৱাৰ কুৰবৰীত সংঘটিত হৈছে এই ঘটনা৷ মষ্ট ৱান্টেড গৰু চোৰ আবু বক্কৰ ছিদ্দিকসহ পৰিয়ালৰ লোকে আক্ৰমণ চলাই আৰক্ষীৰ ওপৰত। গৰু চোৰৰ পৰিয়ালৰ ভয়াবহ আক্ৰমণত আহত পাঁচ গৰাকী আৰক্ষী৷

নলবাৰী আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ছফিকুল হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুধৰ্ষ ডকাইত আবু বক্কাৰ ছিদ্দিকৰ বাসগৃহত অভিযান চলাবলৈ গৈ গৰু চোৰ আবু বক্কাৰ ছিদ্দিকৰ পৰিয়ালৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাত দুধৰ্ষ ডকাইত আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে ৰজু হোৱা ২৯৩, ৩৫১, ৩০৭/২০২০ গোচৰৰ ভিত্তীত আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিল। ডকাইতৰ পৰিয়ালৰ ভয়াবহ আক্ৰমণত মুকালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মোকছেদ আলী, চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ জোৱান ক্ৰমে কন্দৰ্প নাথ, তপন দাস, নয়ন তালুকদাৰ আৰু কনিষ্টবল উৎপল দাস আহত হয়।

আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিয়ে পলায়ন কৰে গৰু চোৰ
আবু বক্কাৰ ছিদ্দিকৰ পৰিয়ালৰ লোকসকল৷ আৰক্ষীয়ে দুধৰ্ষ গৰু চোৰজনৰ দুখনকৈ বাহন জব্দ কৰে৷ দুধৰ্ষ গৰু চোৰ আবু বক্কৰ ছিদ্দিকৰ এ টি এম চুৰিৰ লগতে বহু ডকাইতি কাণ্ডৰ লগতো জড়িত থকা বুলি জানিব পৰা গৈছে।