মুস্তাক আহমেদ ৰিপোৰ্ট

জুৰীয়া

১ ডিচেম্বৰ

প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সু-খৱৰ। লাওঁখোৱা অভয়াৰণ্যত ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ। বন কৰ্মী সকলৰ কঠোৰ পৰিশ্ৰম আৰু কটকটীয়া পহৰাৰ বাবেই লাওখোৱা অভয়াৰণ্যত বনৰীয়া জীৱ জন্তুৰ মুকলি বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে।

ইতিমধ্যে লাওখোৱা অভয়াৰণ্যত ৪ টাকৈ ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য কেমেৰাত আবদ্ধ হোৱাৰ পিছত উৎফুল্লিত হৈ।পৰিছে বন বিভাগৰ লোক সকল। লাওখোৱা অভয়াৰণ্যৰ।কাটাখলৰ গাতে লাগি থকা ৰৌমাৰি বিলত পানি খাৱলৈ অহা দুটা বাঘৰ মুক্ত বিচৰণৰ দৃশ্য সুতিৰপাৰ বন খণ্ডৰ বন কৰ্মী সকলে নিজে প্ৰতেক্ষ কৰাৰ কথা সাংবাদিকক জানিৱ দিছে।অভয়াৰণ্যখনৰ বিভিন্ন এলেকাত ঢেকীয়াপতিয়া বাঘৰ খোজৰ দৃশ্যও প্ৰতেক্ষ কৰাৰ কথা বন বিভাগে জানিবলৈ দিছে।

বন বিভাগৰ একাংশ বিষয়া আৰু কৰ্মীৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰ বাবেই লাওখোৱা অভয়াৰণ্য পুনৰ উজ্জীৱিত হৈ প্ৰান পাই উঠিছে তাৰে প্ৰমান অভয়াৰণ্যখনত বনৰীয়া জীৱ জন্তুৰ মুক্ত বিচৰণ। উল্লেখ্য যে যোৱা ১ নবেম্বৰ তাৰিখে লাওখোৱা অভয়াৰণ্যৰ সুতিৰপাৰ বন খণ্ডৰ অন্তৰ্গত কাটাখাল পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পিছতে পৰ্যটক সকলে কাটাখালত আহি বিভিন্ন বনৰীয়া জীৱ জন্তু দেখিবলৈ পাইছে।