কুন্দন ভৰালী

নগাঁও

১ ডিচেম্বৰ

গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। গৰু ছিণ্ডিকেট চক্ৰৰ লগত জড়িত কোনো লোকেই এইবাৰ নাপাব ৰেহাই। গৰু ছিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰিছে ভুৱা ৱেব পৰ্টেলৰ ভুৱা সাংবাদিক। নগাঁৱত ৱেব পৰ্টেলৰ সন্ত্ৰাস। ৱেব পৰ্টেলৰ নাম লৈ গৰু ছিণ্ডিকেটৰ সৈতে জড়িত ভুৱা সাংবাদিক। আৰক্ষীৰ জালত গৰু ছিণ্ডিকেটৰ লগত জড়িত ভুৱা সাংবাদিক।

গৰু ছিণ্ডিকেটৰ পুলি পুখাই উভালিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীৰ তৎপৰতাত বৃহৎ চোৰাং গৰু জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত ব্যক্তি আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে গৰু ছিণ্ডিকেটৰ ভয়াৱহ তথ্য। কেইবাজনো সৰবৰাহকাৰীক আটক কৰাৰ পিছত আৰক্ষীৰ জালত পৰিছে গৰু ছিণ্ডিকেট চক্ৰৰ সদস্য সুৰুজ আলী। নগাঁৱত গৰু ছিণ্ডিকেট অব্যাহত ৰখা সুৰুজ আলীয়ে নিজকে এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দি দীৰ্ঘদিন ধৰি সংঘটিত কৰি আহিছে বিভিন্ন অপৰাধৰ ঘটনা। অপৰাধ জগতৰ এজন কুখ্যাত লোক হিচাপে পৰিচিত সুৰুজ আলীয়েই নগাঁৱত নিয়ন্ত্ৰণ কৰি আহিছে গৰুৰ ছিণ্ডিকেট। অৱশেষত নগাঁও আৰক্ষীৰ তৎপৰতাত নগাঁৱৰ ভূঞাপট্টিৰ ভাড়াঘৰৰ পৰাই সুৰুজ আলীক আটক কৰে নগাঁও আৰক্ষীয়ে। কেৱল গৰু ছিণ্ডিকেটেই নহয় ডকাইতিৰ দৰে অপৰাধৰ সৈতেও জড়িত এইজন ভুৱা সাংবাদিক সুৰুজ আলী। কিছুদিন পূৰ্বে নগাঁৱৰ ৰাঙলু পেট্ৰল পাম্পত সংঘটিত ডেকাইতিৰ ঘটনাটো জড়িত আছিল সুৰুজ আলী।

ডকাইতিৰ গোচৰত জেল হাজোতৰ পৰা জামিনত মুক্তি লাভ কৰিয়ে সুৰুজ আলীয়ে আৰম্ভ কৰিছে গৰুৰ ছিণ্ডিকেট। বিভিন্ন অপৰাধত জড়িত হৈয়ো নিজকে সাংবাদিক বুলি পৰিচয় দি সংবাদ জগতক কলুষিত কৰা সুৰুজ আলীৰ দৰে ব্যক্তিৰ বিৰুদ্ধ কঠোৰ ব্যৱস্থা গ্ৰহনৰো দাবী উত্থাপন হৈছে।