শিবেন্দু বৰা

জুৰীয়া

১১ জুলাই

নগাঁও জিলাৰ জুৰীয়াৰ কাষৰিত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নগদ ধন সহ আটক তিনি জুৱাৰী ক্ৰমে, ফিৰুজ আহমেদ, আশ্ৰাফুল ইছলাম আৰু ৰৈচুদ্দিন আলী।

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যবাসীয়ে যুদ্ধ চলাই থকাৰ মাজতে কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা ভংগ কৰি জুৱা খেলৰ লগত জড়িত থাকি আৰক্ষীৰ জালত পৰিল তিনি জন জুৱাৰী। নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ জালত পৰিছে তিনি জন জুৱাৰী। শুকুৰবাৰে নিশা জুৰীয়া আৰক্ষীয়ে এক গোপন খৱৰৰ ভিত্তিত জুৰীয়াৰ কাষৰি গাঁৱত অভিযান চলাই জুৱা খেলৰ সা-সামগ্ৰী লগতে নগদ ৩,২৮০ টকা জব্দ কৰে।

আৰক্ষীৰ অভিযানত তিনি জন জুৱাৰী আটক হয় যদিও কেইবাজনো জুৱাৰী পথাৰেদি দৌৰি পলায় যাৱলৈ সক্ষম হয়। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰন কৰে।