গুৱাহাটী

১২ জুলাই

নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটত ভয়াবহ ভূমিস্খলন। পুৱতি নিশাৰ ভাগত সংঘটিত হোৱা এই ভূমিস্খলনৰ ঘটনাত নিহত হৈছে দুজন লোক। এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোকে মাটিৰ তলত পৰা উদ্ধাৰ কৰিলে মৃত লোক দুজনক।

কৰ’ণা ভাইৰাছ আৰু বানপানীৰ তাণ্ডৱৰ মাজতে ৰাজ্যৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আছে ভূমিস্খলনৰ ঘটনা। বিশেষকৈ গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চল সমূহত বিগত কিছুদিনত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত মহানগৰীৰ যোৰাবাট অঞ্চলৰ আমভেৰ গাঁৱত সংঘটিত হোৱা এক ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক নিহত হৈছে। জানিব পৰা মতে আমভেৰ গাঁৱৰ মুন দাস নামৰ এগৰাকী মহিলাৰ ঘৰত মোহন ঘিমৰে আৰু বিশাল প্ৰধান নামৰ দুজন লোক শুই থকা অৱস্থাত পাহাৰৰ মাটি খহি আহি লোক দুজনক পুতি পেলাই। পাহাৰৰ মাটিৰ তলত পুত যোৱা মোহন ঘিমৰে আৰু বিশাল প্ৰধানৰ ঘটনাস্থলীতে মৃত্যু হয়। ভূমিস্খলনৰ ঘটনাৰ খবৰ পাই পুৱাৰ ভাগত ঘটনাস্থলীত এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই মৃত লোক দুজনৰ মৃতদেহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে। মৃত মোহন ঘিমৰে যোৰাবাটৰ হোটেল এটাত কৰ্মৰত আছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহানগৰীৰ খাৰঘূলিৰৰ হিৰম্বাপুৰত সংঘটিত হোৱা এক ভয়াবহ ভূমিস্খলনৰ ঘটনাত প্ৰিয়ংকা বড়ো নামৰ এগৰাকী ছাত্ৰী নিহত হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কিনকিনিয়া বৰষুণৰ ফলত মহানগৰীখনত কৃত্ৰিম বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আহিছে।কাহিলিপাৰাৰ পাৱাৰ হাউচতো কিছুদিন পূৰ্বে ভূমিস্খলনৰ ঘটনাত তিনি জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বাৰিষাৰ সময়ছোৱাত পাহাৰীয়া অঞ্চলত বসবাস কৰা লোক সকলক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ নিৰ্দেশনাও জাৰি কৰিছে।