কুকুৰমাৰা, সংবাদ ৩৬৫, ২৩ মাৰ্চ: শুক্ৰবাৰে সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই জোকাৰি যায় দক্ষিণ কামৰূপৰ সমগ্ৰ কুকুৰমাৰা অঞ্চল।কুকুৰমাৰাৰ ৩ নং আমতলা গাঁৱৰ নৃপেন দাসৰ একমাত্ৰ পুত্ৰ তথা আৰকেচি হাই স্কুলৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ শংকৰ দাস নামৰ এঘাৰ বছৰীয়া কিশোৰ এজন সমনীয়াৰ সৈতে কলহী নৈত গা ধুই থাকিতে হঠাৎ সন্ধানহীন হৈ পৰে। স্কুললৈ যোৱাৰ বাবে কলহী নৈত গা ধুই থাকোতে হঠাৎ ছাত্ৰজন পানীত ডুব যোৱাত নৈত গা ধুই থকা অন্য কিশোৰ সকল চিঞৰ বাখৰ কৰাত স্থানীয়লোক কিছুমান লোক আগবাঢ়ি আহি ছাত্ৰ জনক উদ্ধাৰ কৰাৰ বাবে নৈত জাল মাৰি অভিযান চলায় যদিও ছাত্ৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহয়। পিছত এছডিআৰএফ আৰু এনডিআৰএফ’ৰ দল আহি যৌথ ভাৱে কলহী নৈত ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ অভিযান চলায় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ কুকুৰমাৰা অঞ্চলত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে ৷