আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৫ জানুৱাৰী

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ প্ৰাংগনত ৰংপুৰ মেলা। ভোগালী বিহু উপলক্ষে ৰংঘৰ প্ৰাংগনত অনুষ্ঠিত হয় ৰংপুৰ মেলা। বিভিন্ন গীত মাত আৰু খেল ধেমালিৰে মুখৰিত হৈ পৰে ৰংঘৰৰ বাকৰি।

টাই আহোম যুৱ পৰিষদৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সহযোগত শুকুৰবাৰে অনুষ্ঠিত হয় একাদশ বাৰ্ষিক ৰংপুৰ মেলা। মেলা উপলক্ষে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সম্বনয়ৰ এনাজৰীৰে ভৰি পৰে ৰংঘৰ বাকৰি। বিভিন্ন খেল ধেমালিৰ লগতে জনগোষ্টীয় নৃত্য গীতেৰে মুখৰিত হৈ পৰে ৰংঘৰৰ বাকৰি। আহোম স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰা ৰংঘৰ চোতালত পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হয়
বিহু হুঁচৰি, আও জনগোষ্ঠীৰ ৱাৰ ডাঞ্চ, নগা, মিচিং, টাই আহোমৰ লালুং খাম, ৰাক চাংমাই, ময়ুৰ নৃত্য, হৰিণা নৃত্য, তিৱা জনগোষ্ঠীৰ বৰাত নৃত্য, লালিলাং, কাৰ্বি জনগোষ্ঠীৰ চমাংকান, এই সমুহ কৃষ্টি সংস্কৃতিৰ নৃত্যৰে ৰজনজনাই উঠে ৰংঘৰ বাকৰিত।

ৰছী টনা, টেকেলী ভঙা, পিছল খোটাত ভগোৱা, কড়ী খেল, ঢোপ খেল, পুৰুষৰ মল্ল যুঁজ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহু পুৰুষ মহিলাই। সময়ৰ লগে লগে ক্ৰমাৎ হেৰাই যোৱা বহু থলুৱা খেল পুনৰ এবাৰ দেখিবলৈ পোৱা যায় ৰংঘৰৰ বাকৰিত।