ইয়াছিন আলী

বঙাইগাঁও

১২ নৱেম্বৰ

জীয়াই থকাৰ দুৰ্বাৰ হেপাহ এগৰাকী কিশোৰীৰ। কিশোৰী গৰাকীৰ বাবে অসমবাসী ৰাইজৰ সাহায্য বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ। কন্যাৰ চিকিৎসাৰ বাবদ ঘৰ-বাৰী সকলো বিক্ৰী কৰিলে পিতৃয়ে। সঘনাই স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনিৰ প্ৰচাৰ কৰি থকা চৰকাৰখনৰ আচঁনি ঢুকি পাবনে এই কিশোৰী গৰাকীৰ পৰিয়ালে? আপোনাৰ কিঞ্চিত সাহায্যই হাঁহি বিৰিঙাব পাৰে এটা পৰিয়ালৰ মুখত।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাশবাৰীৰৰ ছলেমান শ্বেখৰ কন্যা আৰমিনা খাতুন এক জটিল ৰোগত আক্ৰান্ত। দশম মান শ্ৰেণীৰ ছাত্ৰী গৰাকী জৰায়ুৰ টিউমাৰ সদৃশ বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। কৰ’ণা আৰু লকডাউনৰ ফলত অধিক জুৰুলা হৈ পৰা অতি দৰিদ্ৰ ছলেমান শ্বেখ কন্যাৰ চিকিৎসাৰ বাবে ঘৰ-বাৰী সকলো বিক্ৰী কৰি কেইবা লক্ষাধিক টকা খৰছ কৰিছে যদিও সুস্থ কৰিব পৰা নাই কন্যা আৰমিনা খাতুনক। চিকিৎসাৰ অভাৱত মৃত্যুৰ অপেক্ষাত থকা আৰমিনা খাতুনৰ পৰিয়ালটো সমলৰূপে আৰ্থিক আৰু মানসিক ভাৱে ভাগি পৰিছে। ফুলকুমলীয়া আৰমিনা খাতুন নামৰ এই কিশোৰী গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সাহায্য বিছাৰি অসমবাসীক কাতৰ আহ্বান জনাইছে কিশোৰী গৰাকীৰ পৰিয়ালে। মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ আৰবী বিভাগৰ প্ৰবক্তা তথা বিশিষ্ট সমাজ সেৱক গাজিবৰ ৰহমানে নিজৰ সামৰ্থ অনুযায়ী কিছু পৰিমাণে আৰ্থিক সাহায্য প্ৰদান কৰিছে যদিও কিশোৰী গৰাকীক প্ৰয়োজন অসমবাসী ৰাইজৰ সহায়ৰ।

কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসী ৰাইজে অসমবাসী ৰাইজৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কিশোৰী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে। কোনোবা হৃদয়বান ব্যক্তিয়ে আৰমিনা খাতুনৰ জীৱন ৰক্ষাৰ বাবে সহায় কৰিব বিচাৰিলে ৭০০২৮৭৯৮০৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।