মিৰ জিয়াওৰ ৰহমান

গোসাইগাঁও

১২নৱেম্বৰ

বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে বিজেপিৰ মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে মিত্ৰতা আছে বিজেপিৰ। গোসাঁইগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপি দলৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য।

এইবেলি বিটিচিত বিজেপি চৰকাৰ গঠন কৰিব। ইয়াত কোনো সন্দেহ নাই। গোসাঁইগাঁৱত বিজেপি দলৰ ৰাজিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰত গুৰুত্বপূৰ্ণ মন্তব্য। গোসাইগাঁৱত মটৰ চাইকেল ৰেলিত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে কয় বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে বিজেপি দলৰ মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতেহে বিজেপি দলৰ মিত্ৰতা আছে। বিটিচি বিজেপি চৰকাৰ গঠন কৰিব। পঞ্চায়ত নিৰ্বাচনত বিপিএফ যিদৰে অকলে খেলিছে ঠিক বিটিচি নিৰ্বাচনত আমি অকলে খেলিম। প্ৰায় তিনি বছৰ পূৰ্বে ওদালগুৰিত অনুষ্ঠিত বিজেপি দলৰ সভাত বিটিচি গঠনত বিজেপি দলৰ ভূমিকা থাকিব বুলি মই কোৱাত বহুতে হাঁহিছিল কিন্তু সেয়া আজি সম্ভৱ হৈ পৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে ৰঞ্জিত দাসে। বৃহস্পতিবাৰে পাঁচ নম্বৰ চৰাইবিল সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰী বিজয়ী নিশ্চিত আৰু তেওঁক এজন কাৰ্যবাহী সদস্য বুলি ঘোষণা কৰে ৰঞ্জিত দাসে।

বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস বিটিচিৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ চৰাইবিল সমষ্টিৰ প্ৰাৰ্থী ইউলিয়াম নাজাৰী, শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ প্ৰচাৰ চলায়। সভাপতি গৰাকীক মটৰ চাইকেল সমদল কৰি গোসাঁইগাঁও আৰু শ্ৰীৰামপুৰ পৰিভ্ৰমণ কৰি নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে।