গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ৭ জুন : গৌৰীপুৰৰ আৰ্থিক ভাৱে দুৰ্বল কাপোৰৰ দোকানীৰ পুত্র পিয়ুষ পালে ধুবুৰী জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তূতীয় স্থান দখল কৰি সন্মান কঢ়িয়াই আনিলে গৌৰীপুৰ বাসীলৈ। ছাত্ৰজনৰ সাফল্যক লৈ গৌৰীপুৰত এতিয়া আনান্দৰ বন্যা।

শনিবাৰে ঘোষণা কৰা হয় ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ নিজ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বহু আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীও ভাল ফলাফল দেখুৱাই গৌৰাম্বিত কৰিছে পিতৃ-মাতৃৰ লগতে নিজ জিলাবাসীক। ধুবুৰী জিলাৰ গৌৰীপুৰৰ তেনে এজন ছাত্ৰৰ সাফল্যত উৎফুল্লিত হৈ উঠিছে গৌৰীপুৰবাসী। গৌৰীপুৰৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ছাত্ৰ পিয়ুষ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈ ধুবুৰী জিলাৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ পিয়ুষ পালে মুঠ ৫৬৬ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে ৷

পিয়ুষ পালৰ পিতৃ সঞ্জীৱ পালৰ গৌৰীপুৰ বজাৰত সামান্য এটা কাপোৰৰ দোকান আছে। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ এই গৰাকী ছাত্ৰই বহু কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি এই সাফল্য লাভ কৰিছে। ছাত্ৰ গৰাকীৰ এই সাফল্যত জিলাখনৰ লগতে গৌৰীপুৰবাসী উৎফুল্লিত হৈ উঠিছে আৰু ছাত্ৰজনৰ সফল ভৱিষ্যতৰ কামনা কৰিছে।