মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ৬ জুন : মাজবাটৰ বটাবাৰীত বিবাহিতা মহিলাৰ মৃত্যু। মৃত মহিলা গৰাকীৰ স্বামীৰ ঘৰৰ পৰা উদ্ধাৰ কিটনাশক ঔষধৰ বটল। হত্যাৰ সন্দেহত স্বামী গ্ৰেপ্তাৰ মাজবাট আৰক্ষীৰ।দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী বিভিন্ন দল-সংগঠনৰ

ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বটাবাৰী গাঁৱত যোৱা ৫ জুনত এগৰাকী মহিলাৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৫ জুন তাৰিখে পুৱতি নিশা ৩ মান বজাত মহিলা গৰাকীৰ স্বামীগৃহৰ লোকে চুবুৰীয়াক মাতি আনি মহিলা গৰাকীৰ অসুস্থ হৈ থকা বুলি জানিবলৈ দিয়ে। ওচৰ-চুবুৰীয়াৰ লোকেও মহিলা গৰাকীৰ মুখেৰে ফেন ওলাই অচেতন অৱস্থাত বিচনাত পৰি থকা প্ৰত্যক্ষ কৰে। চুবুৰীয়াৰ লোক সকলে ততালিকে মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়াত স্বামী বাবাধন বৰুৱাই মহিলা গৰাকীক অচেতন অৱস্থাত ওৰাং সামুহিক চিকিৎসালয়লৈ লৈ যায়। ওৰাং সামূহিক চিকিৎসালয়ৰ চিকিৎসকে মহিলা গৰাকীৰ অৱস্থা অতি বেয়া দেখি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আধাবাটতে গীতাঞ্জলী ডেকা নামৰ মহিলা গৰাকীৰ মৃত্যু হয়।

ইফালে গীতাঞ্জলী ডেকাৰ ভাতৃয়ে অভিযোগ কৰা মতে গীতাঞ্জলী ডেকাক হত্যা কৰা হৈছে। গিতাঞ্জলীয়ে প্ৰায়ে নিজ পতৃগৃহৰ লোকক স্বামীয়ে অত্যাচাৰ কৰাৰ কথা ফোনযোগে অৱগত কৰিছিল। ঘটনা সংক্ৰান্তত মৃত মহিলা গৰাকীৰ ভাতৃ হিতেশ ডেকাই ভিনিয়েক বাবাধন বৰুৱাৰ বিৰুদ্ধে যোৱা ৫ জুন তাৰিখে মাজবাট থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত শনিবাৰে সন্ধিয়া মাজবাট আৰক্ষীয়ে গীতাঞ্জলীৰ স্বামী বাবাধন বৰুৱাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে বাবাধন বৰুৱাৰ শোৱা কোঠাৰ পৰা দুটা কিটনাশক ঔষধৰ বটলো উদ্ধাৰ কৰে।

মাজবাট আৰক্ষীয়ে বাবাধন বৰুৱাৰ বিৰুদ্ধে ৪৬/২০২০-ইউ/এচ ৩০৪ বি ধাৰাত এটা গোচৰ ৰুজু কৰি বাবাধন বৰুৱাক ওদালগুৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে। মহিলা গৰাকীৰ এই ৰহস্যজনক মৃত্যুক লৈ মাজবাট আঞ্চলিক মহিলা সমিতি আৰু মাজবাট আঞ্চলিক কোছ-ৰাজবংশী ছাত্র সন্থাই উচিত তদন্তৰ দাবী কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।