মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

১৬ জানুৱাৰী

অসম -পশ্চিম বংগ সীমান্তৰ জাৰাগুৰীত ইউ পি পি এল দলৰ কৰ্মী সভা। ইউ পি পি এল দলৰ প্ৰত্যেকজন কৰ্মী যোদ্ধা বুলি মন্তব্য ৰণগৌড়া নাৰ্জাৰীৰ। বি টি চিত বি পি এফ দলৰ বিৰোধী ভূমিকাত অৱৰ্তীৰ্ণ হৈ ১৭ টা বছৰে ইউ পি পি এল দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই একো একোজনে যোদ্ধাৰ দৰে কাম কৰি গৈছে বুলিও মন্তব্য কৰে ৰণগৌড়া নাৰ্জাৰীয়ে।

শনিবাৰে গোসাইগাঁও মহকুমাৰ অসম-পশ্চিম বংগ সীমান্তৰ জাৰাগুৰীৰ সোণকোষ নদীৰ কাষত ইউ পি পি এল দলৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যাগত পৰ্বতঝোৰা জিলাৰ আৰু গোসাইগাঁও জিলাৰ ইউ পি পি এল দলৰ কৰ্মী সকলক লৈ অনুষ্ঠিত হয় এক কৰ্মী সভা। সভাত ৰণগৌড়া নাৰ্জাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে ইউ পি পি এল দলৰ প্ৰতিজন কৰ্মীয়ে নিজৰ ব্যক্তি স্বাৰ্থ ত্যাগ কৰি দলীয় স্বাৰ্থত কাম কৰিব লাগিব৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মী সকলক প্ৰস্তুত হোৱাৰ বাবেও আহ্বান জনায় ৰণগৌড়া নাৰ্জাৰীয়ে। বি টি চিৰ ১২ টা বিধানসভা সমষ্টিতে ইউ পি পি এল দলৰ কৰ্মী সকল সবল ভুমিকা ল’ব লাগিব আৰু দিছপুৰত ইউ পি পি এল দলৰ শক্তিক জাহিৰ কৰি দেখুৱাব লাগিব বুলিও কয় ৰণগৌড়া নাৰ্জাৰীয়ে বি টি চিত পৰিৱৰ্তন আনিবই লাগিব৷ বি পি এফ দলৰ ছিষ্টেমৰ সলনি কৰি এক নতুনত্বৰ যাত্ৰাৰে ৰাইজৰ কাষত থিয় দিব লাগিব ইউ পি পি এল দলৰ কৰ্মী সকলে বুলিও মন্তব্য কৰে ৰণগৌড়া নাৰ্জাৰীয়ে।

গোসাইগাঁও জিলা ইউ পি পি এলৰ সভাপতি জিৰন বসুমাতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মী সভাত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জিৰন বসুমাতাৰী, মহিলা গোটৰ সম্পাদিকা টেৰাছা মুৰ্মু, সাংগঠনিক সম্পাদিকা মুৰ্শিদা বেগম, যুৱ মৰ্চাৰ সভাপতি সোমনাথ বসুমাতাৰী, সংখ্যালঘু কোষৰ সম্পাদক নুৰ হোসেন আনচাৰী, ইউ পি পি এল দলৰ উপদেষ্টা হেমন্দ্ৰ নাথ ব্ৰক্ষ, ই এম উকিল মুছাহাৰী, এম চি এল এ উইলছন হাসদা উপস্থিত থাকি দলীয় কৰ্ম কৰ্তা সকলক উৎসাহ প্ৰেৰণা যোগাই ভাষণ প্ৰদান কৰে৷