মুস্তক আহমেদ

জুৰীয়া

১৭ জানুৱাৰী

ৰূপহীহাটত নুৰুল হুদাৰ দুৰ্গত বিজেপিৰ বৃহৎ বাই ৰেলী। বাইক ৰালীৰ আয়োজন কৰি নুৰুল হুদাৰ সমষ্টিৰত শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। যুৱ কংগ্ৰেছৰ উপ সভাপতিয়ে যোগদান কৰিলে বিজেপিত।

সমাগত বিধানসভা নিৰ্বাচনকলৈ বিজেপি দল ব্যস্ত সংখ্যালঘু অঞ্চলৰ ভোটৰ ৰাইজক আকৰ্ষণ কৰাত। পুনৰ শাসনৰ গাদী দখল কৰাৰ উদ্দেশ্যে বিজেপি দলে কংগ্ৰেছৰ দখলত থকা সংখ্যালঘু অঞ্চল চলাইছে ব্যাপক প্ৰচাৰ অভিযান। শনিবাৰে বিয়লি কংগ্ৰেছৰ দখলত থকা নগাঁও জিলাৰ ৰূপহীহাট সমষ্টি নিজৰ দখললৈ অনাৰ উদ্দেশ্যে বিজেপিয়ে এক বৃহৎ বাইক ৰালীৰ আয়োজন কৰে। বিজেপি নেতা নাজিৰ হুছেইনৰ নেতৃত্বত আয়োজন কৰা বাইক ৰালীত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। দুই শতাধিক লোকে বাইক লৈ সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপি দলৰ হৈ ব্যাপক প্ৰচাৰ চলায়।প্ৰচাৰ অভিযানৰ সময়ত বিজেপি নেতা নাজিৰ হুছেইনে বিভিন্ন ঠাইত বাইক ৰখাই ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়।

উক্ত বাইক ৰালীত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ উপ সভাপতি বাবুল ইছলামে বিজেপি দলত যোগদান কৰে। বিজেপিত যোগদান কৰিয়ে বাবুল ইছলামে সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় কংগ্ৰেছ এইবাৰ ডাঙৰ শূণ্য হোৱাৰ দিশত ৰূপাহীহাট সমষ্টিত। কংগ্ৰেছ দল ইতিমধ্যে শূণ্য হৈছে আৰু ৰাইজ এইবাৰ চৰকাৰৰ লগত থাকিব।