কুন্দন ভৰালী

নগাঁও

১৬ জানুৱাৰী

বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈছে গোপন মিতিৰালি। বিজেপি আৰু এ আই ইউ দি এফৰ দৰে সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখালিয়ে আঁতৰাব লাগিব অসমৰ মাটিৰ পৰা। নগাঁৱৰ কঁচুৱাত এই বক্তব্য নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাত অসম জাতীয় পৰিষদৰ বিশাল গণ সমাৱেশ আৰু যোগদান সমাৰোহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ।

নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱা তিনিআলিত শনিবাৰে অসম জাতীয় পৰিষদ দলৰ এখন বিশাল গণ সমাবেশ তথা যোগদান সমাৰোহ অনুষ্ঠানত হয়। অসম জাতীয় পৰিষদ দলৰ নগাঁও জিলাৰ তত্বাৱধায়ক চমচেৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সমাৰোহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি কয় যে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত গোপন মিতিৰালি হৈছে। বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলে সাম্প্ৰদায়িক দল। এই সাম্প্ৰদায়িক দল দুটাক অসমৰ ভূমিৰ পৰা পুলিয়ে পোখালিয়ে আঁতৰাব লাগিব বুলি মন্তব্য কৰি বিজেপি আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰচাৰ সম্পাদক জিয়াওৰ ৰহমান, জনপ্ৰিয় অভিনেত্ৰী তথা দলৰ বিশিষ্ট কৰ্মী মৈত্ৰেয়ী প্ৰিয়দৰ্শনীকে ধৰি দলৰ অন্য বিষয়ববীয়া সকল উপস্থিত থাকে।

উক্ত সমাৰোহত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যুৱ উদ্যোগী, যুৱ সমাজকৰ্মী তথা যুৱ লেখক উৎপল বানিয়াকে আদি কৰি বহুকেইজন স্থানীয় গণ্য-মান্য ব্যক্তিয়ে অসম জাতীয় পৰিষদ দলত যোগদান কৰে। সভাত অগপৰ ৰহা সমষ্টিৰ ২৮ খন আঞ্চলিকেও যোগদান কৰে।