নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : আন্তর্জাতিক সংস্থা ‘এক্সেচ নাও’ৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২০১২ চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে মুঠ ৩৭৩ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।

২০১৮ বৰ্ষত ভাৰতৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ১৩৪ বাৰ।

২০১৯ বৰ্ষতো ৯১ বাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

ইফালে ২০১২ ৰ পৰা ২০১৭ বৰ্ষলৈ ভাৰতত কৰা ইণ্টাৰনেট সেৱা বন্ধৰ ফলত আৰ্থিকভাৱে ভাৰতত প্ৰায় ৩০০ কোটি ডলাৰৰ ক্ষতি হৈছে । এই প্ৰতিবেদন ইন্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ৰিলেচন’ৰ।