গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : তিনিটা বয়স গোটত চাৰিশতকৈও অধিক কণ কণ শিশু ফুটবলাৰৰ অংশগ্ৰহণৰে দেওবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অসমৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজন ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে এসপ্তাহ স্থগিত হোৱাৰ পিছত নালাপাৰাৰ ইন্টাৰনেচনেল স্কুলৰ খেলপথাৰত দেওবাৰে গুৱাহাটী চিটী এফচি (জিচিএফচি) আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে ৱামূল (পূৰৱী ডেইৰী)ৰ সহযোগত আৰু অসম ফুটবল সংস্থা, ডেকাথল্‌ন গুৱাহাটী, ৰামানম ইনফ’টেক আৰু ৯৪.৩ গপশ্বপ এফএমৰ পৃষ্ঠপোষকতাত পুনৰ আৰম্ভ কৰা এই লীগত দেওবাৰে অনুৰ্ধ ৬, ৮ আৰু ১০ বয়স গোটৰ খেলসমূহ অনুষ্ঠিত হয় ৷

দেওবাৰে অনুৰ্ধ ৬ শাখাত এনএফচিচি ডলফিন্স,মন্টফ’ৰ্ট টাইগাৰ্ছ, জিটিচি ৰাইনোজে জয়যাত্ৰা অব্যাহত ৰখাৰ বিপৰীতে অনুৰ্ধ ৮ত জিচিএফচি ইউনিকৰ্নছ আৰু মনোময় টাইগাৰ্ছে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰি খিতাপৰ বাবে যুঁজ অব্যাহত ৰাখে ৷

অনুৰ্ধ ১০ত জিচিএফচি ইউনিকৰ্নছ আৰু পেগাছাছে ধাৰাবাহিক জয় সাব্যস্ত কৰে।