গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। তীব্ৰ প্ৰতিবাদৰ মাজেৰেই পৰীক্ষাত বহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

পৰীক্ষাৰ মাজেৰেই প্ৰতিবাদী কাৰ্যসূচী চলাই নিবলৈ পৰীক্ষা দিবলৈ আহোঁতে কলা বেজ পৰিধান কৰি আহিল শিক্ষাৰ্থী। অৰ্থাৎ পৰীক্ষাটো বহিম আৰু প্ৰতিবাদো কৰিম ।

গামোচা আৰু ” আই অপ’জ কা “লিখা বেজেৰে পৰীক্ষাত অৱতীৰ্ণ হ’ল পৰীক্ষাৰ্থী।

উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ সচেতন মহলৰ আহ্বান আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসমাজে।