গোৱালপাৰা

২৯ জুলাই

গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষশীনিত ভাই ভাই যুৱ উন্নয়ন নামৰ বেচৰকাৰী সন্থাৰ দুখীয়া ৰাইজৰ মাজত কাপোৰ বিতৰণ। প্ৰায় এশ গৰাকী দুখীয়া মহিলাৰ মাজত কাপোৰ বিতৰণ ভাই ভাই যুৱ উন্নয়ন বেচৰকাৰী সন্থাৰ।

ইছলাম ধৰ্মাৱলম্বী লোক সকৰল ঈদ উপলক্ষে গোৱালপাৰাত ভাই ভাই যুৱ উন্নয়ন নামৰ বেচৰকাৰী সন্থাৰ ফালৰ পৰা দুখীয়া ৰাইজৰ মাজত কাপোৰ বিতৰণ জিলাখনৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষশীনিত দুখীয়া মহিলা সকলৰ মাজত কাপোৰ বিতৰণ কৰে বেচৰকাৰী সন্থাটোৱে। প্ৰায় এশ গৰাকী দুখীয়া মহিলাৰ মাজত সমাগত ঈদ উপলক্ষে ভাই ভাই যুৱ উন্নয়ন বেচৰকাৰী সন্থাটোৱে বুধবাৰে কাপোৰ বিতৰণ কৰে। বানপানীৰ ফলত জিলাখনৰ প্ৰভাৱিত হৈ আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা দুখীয়া পৰিয়ালৰ মহিলা সকলক অলপ সকাহ দিয়াৰ উদ্দেশ্যে ভাই ভাই যুৱ উন্নয়ন নামৰ বেচৰকাৰী সন্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।

সন্থাটোৰ সভাপতি সাইজুদ্দিনআহমেদ, সম্পাদক ছাহাদদ আলী লগতে ভাই ভাই যুৱ উন্নয়ন সন্থাৰ সমূহ সদস্যৰ উপস্থিতিত দুখীয়া ৰাইজৰ মাজত কাপোৰ বিতৰণ কৰা হয়। বুধবাৰে প্ৰায় এশ গৰাকী দুখীয়া মহিলাৰ মাজত কাপোৰ বিতৰণ কৰি সন্থাটোৱে অনাগত দিনতো এনেদৰে দুখীয়া ৰাইজক বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই যাব বুলিও জানিবলৈ দিয়ে সন্থাটোৰ সদস্য সকলে।