নিউজ ডেস্ক

২৯ জুলাই

বুধবাৰে ফ্ৰান্সৰ পৰা আহি ভাৰত পালে ৰাফেল বিমান। পাঁচখনকৈ ৰাফেল বিমান লেণ্ড কৰিলে আম্বালা এয়াৰবেছত। ৰাফেল বিমানৰ আগমনে অধিক শক্তিশালী কৰিলে ভাৰতীয় বায়ুসেনাক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জ্ঞাপন কৰিলে বায়ুসেনাক।

বুধবাৰে ভাৰতীয় বায়ুসেনাৰ শক্তি অধিক বৃদ্ধি পালে। ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ ভূমিত লেণ্ড কৰাৰ লগে লগে অধিক শক্তিশালী হ’ল ভাৰতীয় বায়ুসেনাৰ শক্তি। ফ্ৰান্সৰ পৰা আহি হাৰিয়ানাৰ আম্বালা এয়াৰবেছত লেণ্ড কৰাৰ পিছত ৰাফেল বিমানক আদৰণি জনোৱা হয়। প্ৰথম পৰ্যায়ত পাঁচখন ৰাফেল বিমান ফ্ৰান্সৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰিছে।

উল্লেখ্য যে মঙলবাৰে এই পাঁচখন ৰাফেল বিমান ভাৰত অভিমুখে ফ্ৰান্সৰ পৰা যাত্রা আৰম্ভ কৰিছিল। ফ্ৰান্সৰ পৰা যাত্ৰাৰ পিছত বিমান কেইখন ইউ এ ইত কিছু সময়ৰ বাবে ৰখাৰ পিছত বুধবাৰে ভাৰতত প্ৰৱেশ কৰে।