ক্ষেত্ৰী

২৯ জুলাই

মহানগৰীৰ সমীপৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰীত বুধবাৰে এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। পূৰ্বে ধন দাবী কৰি অহা এজন ব্যৱসায়ীৰ বাহনক উদ্দেশ্যি গুলী চালনা। ব্যৱসায়ী জন মৰিগাঁৱৰ বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ ৰাঠী।

মৰিগাঁৱৰ বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ ৰাঠী বুধবাৰে চালক মফিজুল হুছেইনসহ এছ-২১-চি-৬৭৭২ নম্বৰৰ গাড়ীৰে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ক্ষেত্রীৰ খালৈবাৰীত ব্যৱসায়ী জনৰ গাড়ীক উদ্দেশ্যি কোনোবা দুস্কৃতিকাৰীয়ে গুলী চালনা কৰে। গাড়ী চালক মফিজুল হুছেইনে গাড়ীৰ খিৰিকীৰ গ্লাচ ভঙা প্ৰত্যেক্ষ কৰি গাড়ীখন ৰখাই গাড়ীৰ ভিতৰত এটা গুলী দেখা পাই তেওঁলোকক উদ্দেশ্যি গুলী চালনা কৰা হৈছে সেয়া নিশ্চিত হৈ ক্ষেত্ৰী আৰক্ষী থানালৈ গৈ সমগ্ৰ ঘটনা বিৱৰি কয়। গাড়ী চালক জনে জনোৱা অনুসৰি মৰিগাঁৱৰ পৰা আহি থকা অৱস্থাত তেওঁলোকৰ গাড়ীৰ কাষেৰে ৰঙা ৰঙৰ অল্টো গাড়ী এখন পাৰ হৈ গৈছিল। চালক জনে সন্দেহ প্ৰকাশ কৰিছে যে ৰঙা অল্টো গাড়ীখনৰ পৰা তেওঁলোকক উদ্দেশ্যি গুলী চালনা কৰা হৈছে। আনহাতে মৰিগাঁৱৰ ব্যৱসায়ীজনে জনোৱা অনুসৰি পূৰ্বেও তেওঁক কোনোবা অচিনাকী লোকে ফোনযোগে ধনদাবী কৰিছিল আৰু সেই সন্দৰ্ভত মৰিগাঁও থানাত তেওঁ এখন গোচৰো ৰুজু কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত পূব কামৰূপৰ উপ আৰক্ষী আয়ুক্ত সুভাষিণী শংকৰম আৰু সহকাৰী আৰক্ষী আয়ুক্ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দিনৰ পোহৰতে এজন ব্যৱসায়ীৰ বাহনক উদ্দেশ্যি গুলী চালনাৰ ঘটনাই সমগ্ৰ ক্ষেত্ৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।