হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু ন্যায়িক আদালতৰ কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ উদ্দেশ্যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সমীপৰ মাতিনেৰ চৰ গাৱঁৰ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা দুই শতাধিক পৰিয়ালক উচ্ছেদ কৰাৰ পিছত পুনৰ উচ্ছেদিত পৰিয়ালক বাসগৃহ নির্মাণৰ বাবে বিনামূলীয়াকৈ ভূমি প্ৰদান কৰিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে।

মাতিনেৰ চৰ গাৱঁৰ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা উচ্ছেদিত পৰিয়ালৰ লোক সকলৰ দাবীত তেওঁলোকক চুবুৰীয়া গাওঁ কোকৰাডাঙা আৰু ফুলেৰচৰ ২য় খণ্ডত বিনামূলীয়াকৈ ভূমি প্ৰদান কৰিছে জিলা প্ৰশাসনে। প্ৰয়োজনীয় ভূমি আবন্টন লাভ কৰি গৃহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে উচ্ছেদিত দুই শতাধিক পৰিয়াল। আনহাতে জিলা প্ৰশাসনে ধনৰ বিনিময়ত ভাটিয়া মুছলমান সকলক ভূমি আবন্টন দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে উচ্ছেদিত পৰিয়ালক। সকলো সম্প্ৰদায়ৰ উচ্ছেদিত পৰিয়ালক জিলা প্ৰশাসনে বিনামূলীয়াকৈ ভূমি প্ৰদান কৰিছে যদিও ইয়াৰ মাজতে এটা চক্ৰই ভাটিয়া মুছলমানৰ নাম লৈ ভূৱা ভিত্তিহীন অভিযোগ উত্থাপিত কৰি মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি একাংশই মত প্ৰকাশ কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে সম্পূৰ্ণ চৰকাৰী নিয়ম নীতিৰে প্রকৃত ভাৰতীয় লোক সকলক ভূমি আবন্টন কৰিছে বুলিও উচ্ছেদিত পৰিয়ালৰ লোক সকলে মন্তব্য প্ৰকাশ কৰে।