দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বেতবাৰী চৰত ৯০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ। আফিং খেতিৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে চলোৱা অভিযানত নষ্ট কৰা হয় কেইবাকোটি টকা মূল্যৰ আফিং খেতি।

সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক বি জি কুলীগাম আৰু সহকাৰী আৰক্ষী অধীক্ষক আৰীফ আহমেদৰ নেতৃত্বত আৰক্ষী দল এটা আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই বেতবাৰী চৰত উপস্থিত হৈ প্ৰায় ৯০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ কৰে। জিলা আৰক্ষীয়ে বেতবাৰী চৰত কিছুমান লোকে আফিংৰ খেতি কৰাৰ খবৰ লাভ কৰি চৰ উপস্থিত হৈ আফিংৰ খেতি নষ্ট কৰে। আৰক্ষীয়ে নষ্ট কৰা আফিংৰ খেতিৰ মূল্য কেইবাকোটি টকা হ’ব বুলি জানিবলৈ দিয়ে শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক বি জি কুলীগামে। জানিব পৰা মতে বহিঃৰাজ্যৰ এটা দুষ্ট চক্ৰই বিহাৰী সৰিয়হ বুলি বুলি চিনাকি দি স্থানীয় কিছুমান খেতিয়কক হতুৱাই আফিংৰ কৰি কৰি আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিলাখনৰ বন্ধীহানা আৰু ৰাভাটাৰী গাঁৱত আৰক্ষীয়ে আফিং খেতিৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ২৫ বিঘা ভূমিত কৰা আফিংৰ খেতি ট্ৰেক্টৰ লগাই উচ্ছেদ কৰিছিল। দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীয়ে যৌথভাবে অভিযান চলাই উচ্ছেদ কৰা আফিং খেতিৰ মূল্য ২০ কোটি টকা আছিল বুলি জানিব পৰা গৈছিল।