গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: অসমৰ ড্ৰীম হাউছ প্ৰডাকশ্যন নিবেদিত ৱেব ছিৰিজত অভিনয় কৰিব প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙ। অসমৰ প্ৰডাকশ্যন হাউছৰ লগত অভিনয়ৰ ইনিংছ আৰম্ভ কৰিব ২০১১ আই চি চি ক্ৰিকেট বিশ্বকাপৰ মেন অফ দা টুৰ্ণামেণ্ট লাভ কৰা ক্ৰিকেটাৰ গৰাকীয়ে।

ভাৰতীয় ক্ৰিকেট কিম্বদন্তী তথা প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ জীৱনৰ আধাৰত এক ৱেব ছিৰিজ নিৰ্মাণ কৰিবলৈ ওলাইছে গুৱাহাটীৰ ড্ৰীম হাউছ প্ৰডাকশ্যন। যুৱৰাজ সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত এই ৱেব ছিৰিজটোত অভিনয় কৰিব ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ লগতে তেওঁৰ ভাতৃ জোৰাৱৰ সিঙ। জোৰাৱৰ সিঙে এই ৱেব ছিৰিজটোত মুখ্য চৰিত্ৰত অভিনয় কৰিব। ক্ৰিকেটাৰ যুৱৰাজ সিঙ আৰু ভাৰাতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ জোৰাবৰ সিঙৰ সমগ্ৰ জীৱন বৃত্তান্ত সামৰি প্ৰস্তুত কৰা এই ৱেব ছিৰিজটোত ক্ৰিকেটাৰ দুগৰাকীৰ মাতৃ চবনম সিঙো জড়িত থাকিব। ৱেব ছিৰিজটোত দেখা যাব যুৱৰাজৰ পত্নী হেজল কীচ্ছকো। হেজল হৈছে ব্ৰিটিছ মৰিছাছ ছবি অভিনেত্ৰী তথা এগৰাকী প্ৰতিষ্ঠিত মডেল, তদুপৰি শেহতীয়াকৈ বিভিন্ন ভাৰতীয় টেলিভিছন অনুষ্ঠান তথা ছবিত দেখা গৈছে হেজল কীচ্ছক। ছলমান খান অভিনীত বডিগাৰ্ড ছবিত দেখা গৈচিল হেজলক। ইফালে ২০১৩ চনত বিগ বছ ৭ তো দেখা গৈচিল হেজল কীচ্ছক।

ৱেব ছিৰিজটোত অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাসকলক সুযোগ প্ৰদান কৰি প্ৰতিভা বিকাশৰ মঞ্চ প্ৰদান কৰা হ’ব। প্ৰথমবাৰৰ বাবে অসমৰ কোনো প্ৰডাকশ্যন প্ৰতিষ্ঠানে এগৰাকী ৰাষ্ট্ৰীয় ব্যক্তিত্বৰ জীৱনৰ আধাৰত ৱেব ছিৰিজ নিৰ্মাণ কৰিবলৈ লৈছে। ইফালে বলীউডৰ জনপ্ৰিয় লেখক তথা অক্ষয় কুমাৰৰ অনাগত ছবি বচ্ছন পাণ্ডেৰ চিত্ৰনাট্যকাৰ বিপিন উনিয়ালেও এই প্ৰকল্পটোত যোগদান কৰিছে। তদুপৰি বলীউডৰ ভালেমান জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়েও এই প্ৰকল্পটোৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে।

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ জীৱনৰ জীৱনৰ আধাৰত নিৰ্মিত এই ৱেব ছিৰিজটোৰ সম্পূৰ্ণ চিত্ৰগ্ৰহণ কৰা হ’ব অসমত। যুৱৰাজ সিঙৰ মাতৃ চবনম সিঙে জানিবলৈ দিয়ে এই ৱেব ছিৰিজখনৰ জৰিয়তে যুৱৰাজ আৰু জোৰাবৰ প্ৰকৃততে কোন সেয়া বিশ্ববাসীয়ে জানিবলৈ সক্ষম হ’ব।