গুৱাহাটী, সংবাদ ৩৬৫, ৭ মাৰ্চ : উত্তৰ পূব সীমান্ত ৰেলে ২০ গৰাকীকৈ নাৰীক এক গুৰুদায়িত্ব প্ৰদান কৰি নাৰী শক্তিক এক নতুন গতি প্ৰদান কৰিছে। নাৰী দিৱসৰ দিনৰ পৰা অৰ্থাৎ ৮ মাৰ্চৰ পৰা উত্তৰ পূব সীমান্ত ৰেলে ৰেলৰ ডবা আৰু ইঞ্জিন নিৰীক্ষণ কৰিবলৈ তৈয়াৰ কৰিছে ‘ওমেন ইন ব্লু’ গেং। ভাৰতত প্ৰথমবাৰৰ বাবে ‘ওমেন ইন ব্লু’ গেংৰ মহিলা সদস্য সকলৰ ওপৰত ৰেল বিভাগে ৰেলৰ ডবা, ইঞ্জিন নিৰীক্ষণ আৰু মেৰামতিৰ দায়িত্ব প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে পুৰুষে কৰি অহা ৰেল বিভাগৰ এই কাম অহা ৮ মাৰ্চৰ পৰা গুৱাহাটী ৰেল ষ্টেচনত থকা ডবা নিৰীক্ষণ কেন্দ্ৰত ২০ গৰাকীকৈ মহিলাই কৰিব। নিজৰ সংসাৰৰ দায়িত্বৰ লগতে ৰেলৰ দায়িত্ব লবলৈ আমাৰ এই ২০ গৰাকী মহিলা সক্ষম বুলি ‘ওমেন ইন ব্লু’ গেংৰ এগৰাকী মহিলাই মন্তব্য প্ৰশাস কৰি কয় যে এই ক্ষেত্ৰত ৰেল বিভাগে আমাক যথেষ্টখিনি প্ৰশিক্ষণ দিছে আৰু আমি এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত আমাৰ দায়িত্ব লবলৈ। উত্তৰ পূব সীমান্ত ৰেলৰ মুখ্য গণসংযোগ বিষয়া প্ৰণৱজ্যোতি শৰ্মাই জানিবলৈ দিয়ে যে ৰেল বিভাগে সকলো ক্ষেত্ৰতে মহিলাক অগ্ৰধিকাৰ দি আহিছে আৰু উত্তৰ পূব ৰেলে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে মহিলাক ৰেলৰ ডবা নিৰীক্ষণ কৰিবলৈ দিয়াটো আমাৰ বাবে গৌৰৱৰ বিষয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনৰ পৰা মহিলাসকলে নিজৰ সংসাৰৰ দায়িত্ব যিদৰে পালন কৰে ঠিক তেনে দায়িত্ব ৰেলৰ ডবা নিৰীক্ষণৰ ক্ষেত্ৰত দেখুৱাবলৈ সক্ষম হব বুলি সকলোৱে আশা কৰিছে।