গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ : প্ৰাকৃতিক পৰিবেশৰ লগতে বনাঞ্চল ধ্বংসই বিপদ কঢ়িয়াই আনিছে জীৱকুললৈ। মহানগৰীৰ পাঞ্জাবাৰী আৰু সাতগাঁৱত শুকুৰবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণে অঞ্চল দুটাত সৃষ্টি কৰে সন্ত্ৰাসৰ।

প্ৰাকৃতিক পৰিবেশৰ লগতে বনাঞ্চলৰ ধ্বংসই বিপদ কঢ়িয়াই আনিছে বন্যপ্ৰাণীৰ লগতে সমগ্ৰ জীৱকুললৈ, ইয়াৰে এক জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা মহানগৰীৰ পাঞ্জাবাৰী আৰু সাতগাঁও অঞ্চলত। বৃহস্পতিবাৰে নিশা ভাগৰ পৰা এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণে পাঞ্জাবাৰী আৰু সাতগাঁও অঞ্চলত হুৱা দুৱাৰ সৃষ্টি কৰে। আমচাং বনাঞ্চলৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীটো পাঞ্জাবাৰীৰ জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰি বহু লোকৰ বাসগৃহৰ গেট আৰু ফুলৰ তাব ভাঙি অঞ্চলটোৰ সন্ত্ৰাস চলায়। নিশাৰ ভাগত পাঞ্জাবাৰী অঞ্চলত সন্ত্ৰাস চলাই বনৰীয়া হাতীটো শুকুৰবাৰে কাহিলিপুৱাতে উপস্থিত হয় সাতগাঁও বজাৰত। বৃহস্পতিবাৰ নিশাৰ পৰা পাঞ্জাৱৰী আৰু সাতগাঁৱৰ ৰাজপথত মুক্তভাবে বিচৰণ কৰা হাতীটোক শুকুৰবাৰে বন বিভাগে সাতগাঁও আৰক্ষীৰ সহায়ত আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে, আমচাং বনাঞ্চলৰ কাষতে থকা পাঞ্জাৱৰী আৰু সাতগাঁৱৰ বিভিন্ন অঞ্চলত প্ৰায়ে বনৰীয়া হাতীৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায়। আমচাং বনাঞ্চলত কিছুমান দুষ্টচক্ৰই গছ-গছনি কাটি তহিলং কৰাৰ ফলত বিভিন্ন সময়ত খাদ্যৰ সন্ধানত এইদৰে বনৰীয়া হাতী অঞ্চলত দুটাৰ জনবসতিপূৰ্ণ এলেকালৈ ওলাই আহে বুলি প্ৰকৃতিপ্ৰেমী ৰাইজে বহু পূৰ্বৰে পৰা অভিযোগ উত্থাপন কৰি আহিছে।