গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ১৬ গৰাকীকৈ লোক আক্ৰান্তৰে তালিকাত অসম শীৰ্ষত থকাৰ পৰিবৰ্তে মণিপুনত আক্ৰান্তৰ সংখ্যা ২ গৰাকী, মিজোৰামত ১ গৰাকী আৰু অৰুণাচল প্ৰদেশত ১ গৰাকী।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কভিড-১৯ কৰ’ণা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ কৰা নাছিল যদিও অসমত মাত্ৰ দুদিনৰ ভিতৰত ১৬ গৰাকীকৈ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত প্ৰথমে কভিড-১৯ কৰ’ণা ভাইৰাছত এগৰাকী যুৱতী আক্রান্ত হোৱা ধৰা পৰিছিল। অসমত যোৱা ৩১ মাৰ্চত কৰিমগঞ্জ জিলাত প্ৰথম গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোক ধৰা পৰাৰ পিছৰে পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে আক্রান্ত সংখ্যা। যোৱা প্ৰায় ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১ ৰ পৰা ১৬ লৈ বৃদ্ধি পাইছে। আনহাতে মণিপুৰত আক্রান্তৰ সংখ্যা ১ ৰ পৰা ২ লৈ বৃদ্ধি পায় বৃহস্পতিবাৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙে নিজৰ টুইটাৰযোগে মণিপুৰত দ্বিতীয়টো কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্তৰ ঘোষণা কৰে। মণিপুৰৰ আক্রান্ত লোক গৰাকী দিল্লীত নিজামুদ্দিন মাৰ্কজত জমাতত অংশগ্ৰহণ কৰিছিল। মণিপুৰৰ ১০ গৰাকী লোক দিল্লীত নিজামুদ্দিন মাৰ্কজত জমাতত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ৮ গৰাকী লোকৰ তেজৰ নমুনা নিগেটিভ ওলাইছে। আনহাতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে টুইটাৰযোগে ৰাজ্যখনৰ প্ৰথমটো কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকেৰ কথা ঘোষণা কৰে। দিল্লীত নিজামুদ্দিন মাৰ্কজত জমাতত অংশগ্ৰহণ অৰুণাচল প্ৰদেশৰ এগৰাকী অনা অৰুণাচলী লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছে।

অসমৰ ১৬ গৰাকীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোক সকলক আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰা হৈ আছে। অসমৰ পৰা দিল্লীত নিজামুদ্দিন মাৰ্কজত জমাতত অংশগ্ৰহণ কৰা কেইবাগৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাবনা আছে।