গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : ৰাজ্যত ২০ লৈ বৃদ্ধি পালে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। শুকুৰবৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে ৰাজ্যত নতুনকৈ ৪ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ পোৱাৰ কথা।

সমগ্ৰ বিশ্ব তথা ভাৰতৰ লগতে এতিয়া অসমতো ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। ৰাজ্যত ২০ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি। ইমান দিনে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰি থকা অসমত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা। বুধবাৰে দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰাৰ পিছতে নিশাৰ ভাগত আক্রান্তৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছিল। শুকুৰবাৰে ৪ জনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত আক্রান্তৰ সংখ্যা ২০ লৈ বৃদ্ধি পাইছে। সমগ্ৰ ভাৰততে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস বিয়পি থকাৰ সময়তে অসম কিছু সম্পূৰ্ণ সংকটমুক্ত আছিল যদিও মঙলবাৰে ৰাজ্যৰ কৰিমগঞ্জ জিলাত ধৰা পৰে প্ৰথমজন কভিড-১৯ কৰ’ণা ভাইৰাছ আক্ৰান্ত এজন ৫২ বছৰীয়া লোক। বুধবাৰে দিনৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি হোৱা বুলি ঘোষণা কৰাৰ পিছতে নিশাৰ ভাগত আৰু ১১ জনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পাৰত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছিল। উল্লেখ্য যে, ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ২০ জন লোক তবলিগ জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিল।

শুকুৰবাৰে নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ উপস্থিতি ধৰা পৰা লোক সকলৰ ভিতৰত তিনিজন নলবাৰী জিলাৰ আৰু এজন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৪ জন লোক তবলিগ জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিল বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।