মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৬ নৱেম্বৰ

এইআইইউডিএফ দলৰ জ্যেষ্ঠ নেতা তথা গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি খাইৰুল আলম মিঞাই আনুষ্ঠানিকভাৱে যোগদান কৰিলে ইউপিপিএল দলত। এইআইইউডিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে খাইৰুল আলম মিঞাই।

গোসাঁইগাঁও প্ৰেছক্লাবত আয়োজন কৰা এক সংবাদমেলত এআইইউডিএফ দলত বিভিন্ন দায়িত্বত থকা দলৰ জ্যেষ্ঠ নেতা গৰাকীয়ে এআইইউডিএফ দলৰ সাম্প্ৰতিক কাম-কাজত অসন্তুষ্ট হৈ আৰু ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ১৬ বছৰ ধৰি এআইইউডিএফ দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই অহাৰ পাছত যোৱা ১২ নৱেম্বৰত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত ইউপিপিএল দলত যোগদান কৰে আৰু আজিৰ পৰা তেওঁ এই দলৰ হৈ কাম কৰি যাব বুলি সংবাদমেলত ঘোষণা কৰে। বড়ো ভূমিত স্থায়ী শান্তি আৰু বিটিআৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন আৰু বড়ো ভূমিৰ প্ৰগতিৰ বাবে বিটিআৰ চুক্তিক মনে প্ৰাণে সমৰ্থন কৰি আৰু প্ৰমোদ বড়োৰ সততা আৰু ৰাজনৈতিক বিচক্ষনতাৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ এআইইউডিএফ দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰে আৰু ভবিষ্যতে তেওঁক দলে যি দায়িত্ব অৰ্পণ কৰিব সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলি সাংবাদিকৰ আগত প্ৰতিশ্ৰুতি দিয়ে। বিটিআৰত এইবেলি ৰাইজে বিপিএফৰ ১৫ বছৰীয়া স্বৈৰাচাৰী শাসনৰ পৰা নিস্তাৰ পাবলৈ মন মেলিছে আৰু পৰিৱৰ্তনৰ বাবে ব্যাকুল হৈ পৰিছে। ৰাইজে বিচৰা ধৰনে পৰিৱৰ্তন আনিব পৰা দল একমাত্ৰ ইউপিপিএল গতিকে ৰাইজৰ ইচ্ছাক সন্মান জনাই খাইৰুল আলম মিঞাই এই দলত যোগদান কৰিছে বুলি সদৰী কৰে।

উক্ত সংবাদ মেলত ইউপিপিএল দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ৰাজু নাৰ্জাৰী, বিটিচিৰ ২ নম্বৰ গুমা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী মনিৰুজ্জামান তথা দলটোৰ জিলা পৰ্যায়ৰ একাধিক নেতৃবৃন্দ উপস্থিত থাকে।